নেশ্যনেল ডেস্ক, 8 মে’ : কষ্টৰ ফল মিঠা - এই আপ্তবাক্যশাৰী প্ৰমাণ কৰিলে এহাল মাতৃ-পুত্ৰই ৷ ৰাজস্থানৰ যোধপুৰত মাতৃ-পুত্ৰৰ যুটিয়ে তিনি মাহৰ কষ্টৰ অন্তত নিৰ্মাণ কৰি উলিয়ালে এপাত 8.5 ফুট দৈৰ্ঘৰ জোতা ৷ জোতাপাতত মধুবনী কলা আধাৰিত এম্ব্ৰইডাৰী কৰিছে 68 বছৰীয়া মাতৃয়ে ৷
উল্লেখ্য যে, মাৰোৱাৰী মোচ্চি (জুট্টি) ইয়াৰ এম্ব্ৰইডাৰীৰ বাবে বিখ্যাত । চহৰখনৰ নিবাসী এই মাতৃ-পুত্ৰই এম্ব্ৰইডাৰীৰ অতুলনীয় কলাৰ সহায়ত 8.5 ফুট দৈৰ্ঘৰ জোতাপাত তৈয়াৰ কৰিছে । প্ৰায় তিনি মাহ ধৰি 68 বছৰীয়া চন্দ্ৰা দেৱীয়ে এই জোতাপাতত মধুবনী কলাৰে এম্ব্ৰইডাৰী কৰিছে । সম্প্ৰতি এই বিশেষ জোতাপাতৰ বাবে বিশ্ব ৰেকৰ্ডত স্থান অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিছে মাতৃ-পুত্ৰই ৷
কেনেকৈ প্ৰস্তুত কৰা হৈছিল এই জোতা ?
চন্দ্ৰা দেৱীৰ পুত্ৰ মোহনলালে কয় যে, এয়া তেওঁলোকৰ পৈতৃক কলা ৷ তেওঁলোকে বহুবছৰ জোতা প্ৰস্তুত কৰাৰ কাম কৰি আহিছে ৷ তেওঁলোকে প্ৰথমে চাৰে চাৰি ফুটৰ জোতা প্ৰস্তুতৰ কথা ভাবিছিল ৷ এই লক্ষ্য আগত ৰাখিয়েই মাতৃ-পুত্ৰই কাম আৰম্ভ কৰিছিল ৷ প্ৰায় 3 মাহতকৈ অধিক সময় ধৰি প্ৰায় ডেৰ লাখ টকা খৰচ কৰি এই বিশাল আকাৰৰ জোতাপাত প্ৰস্তুত কৰা হৈছিল ৷ তেওঁৰ মাতৃয়ে জোতাপাতৰ ওপৰত এম্ব্ৰইডাৰী কৰাৰ কাম কৰে ৷ তেওঁলোকৰ এম্ব্ৰইডাৰী ইমানেই সুন্দৰ আছিল যে. তেওঁলোকক প্ৰায় গ্ৰাহকেই জোতাৰ বাবে অৰ্ডাৰ দিছিল ৷