নতুন দিল্লী : কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই শুকুৰবাৰে দিল্লীত তৃতীয় এছিয়ান-ভাৰত সংগীত মহোৎসৱৰ শুভাৰম্ভ কৰে ।
দৰ্শকৰ সন্মুখত দিয়া ভাষণত মন্ত্ৰী মাৰ্ঘেৰিটাই কয়, "সংগীত হৈছে প্ৰেৰণাদায়ক এক সাৰ্বজনীন ভাষা । আজিৰ এই অনুষ্ঠানটো অতি বিশেষ ৷ কাৰণ আমি এই অনুষ্ঠানটো এনে এটা অঞ্চলৰ সংগীত শুনিবলৈ সুযোগ পাইছো ৷ যাৰ সৈতে আমি গভীৰ সভ্যতাৰ বান্ধোন ভাগ কৰি লওঁ । আমি ভাষা, সাহিত্য, সাংস্কৃতিক অনুশীলন, ৰামায়ণ আৰু মহাভাৰতৰ কাহিনী, জাতক, বৌদ্ধ ধৰ্ম, শিল্প, স্থাপত্য আনকি উৎসৱৰ কাহিনীও ভাগ-বতৰা কৰো ।’’
তৃতীয় এছিয়ান-ভাৰত সংগীত মহোৎসৱ উদ্বোধন (ANI)
তেওঁ উপস্থিত ৰাইজক উদ্দেশ্যি কয় যে ২০২৪ চন ভাৰতৰ এক্ট ইষ্ট পলিচিৰ এক দশক (India's Act East Policy), যিটো ২০১৪ চনত এছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰিছিল ।
মন্ত্ৰীগৰাকীয়ে লগতে কয়, “এছিয়ান দেশ আৰু ভাৰতৰ মাজত শক্তিশালী কৰাৰ বাবে ১০ দফীয়া কাৰ্যসূচীৰ অংশ হিচাপে ২৪ অক্টোবৰত, Laos PDR ৰ ভিয়েন্টিয়ানত অনুষ্ঠিত হোৱা ২১ সংখ্যক আছিয়ান সন্মিলনত সন্মানীয় প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সংগীত মহোৎসৱ ঘোষণা কৰিছিল ।” এই অনুষ্ঠানত ASEAN ৰ সদস্য দেশৰ ৰাষ্ট্ৰদূতকে ধৰি শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে ।
কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই Xত সংগীত মহোৎসৱৰ সবিশেষও শ্বেয়াৰ কৰি কয়, "আজি এক্ট ইষ্ট পলিচিৰ ১০ বছৰীয়া স্মৃতিত তৃতীয় এছিয়ান-ভাৰত সংগীত মহোৎসৱ উদ্বোধন কৰা হয় ৷ লগতে ASEAN অঞ্চল আৰু ভাৰতৰ বেণ্ডসমূহৰ অবিশ্বাস্য পৰিৱেশনৰ সাক্ষী হয় ৷ এছিয়ান দেশসমূহৰ সৈতে সভ্যতামূলক সংযোগৰ ভিত্তিত আয়োজন কৰা হয় এই উৎসৱ ৷’’