নিউজ ডেস্ক, ১০ জুন : জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত এখন বাছত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ তদন্ত কৰিবলৈ এন আই এৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈছে । উল্লেখ্য় যে এই ঘটনাত নজন তীৰ্থযাত্ৰী নিহত হোৱাৰ লগতে আন কেইবাজনো লোক আহত হয় । ইফালে লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাৰ নেতৃত্বত জম্মু-কাশ্মীৰ প্ৰশাসনে নিহত তীৰ্থযাত্ৰীসকলৰ নিকটাত্মীয়ক ১০ লাখ আৰু আহতসকলৰ বাবে ৫০ হাজাৰ টকাকৈ অনুদান প্ৰদানৰ কথা ঘোষণা কৰিছে ।
উল্লেখ্য যে, শিৱ খোৰী মন্দিৰৰ পৰা কাটৰালৈ যোৱাৰ পথত তীৰ্থযাত্ৰীক কঢ়িয়াই নিয়া এখন বাছত সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে । গুলীচালনাৰ পিচতে বাছখন ৰাস্তাৰ পৰা পিচলি গৈ দ খাৱৈত বাগৰি পৰে । দেওবাৰে সন্ধিয়া প্ৰায় ৬.১৫ বজাত ৰিয়াছিৰ পোনি অঞ্চলৰ তেৰিয়াথ গাঁৱৰ ওচৰত এই ঘটনাটো সংঘটিত হয় ।
"এন আই এৰ এটা দল জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত উপস্থিত হৈছে আৰু সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ তদন্ত কৰি থকা স্থানীয় আৰক্ষীৰ সৈতে সমন্বয় ৰক্ষা কৰি আছে ।" চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি পিটিআয়ে সোমবাৰে এই কথা কয় । আনহাতে, সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিচত নিৰাপত্তাৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰে আৰু আক্ৰমণৰ ঘটনাটোত জড়ি সন্ত্ৰাসবাদীৰ সন্ধানত তালাচী অভিযান আৰম্ভ কৰে ।