নিউজ ডেস্ক, ২২ মাৰ্চ : মেঘালয়ৰ পৰা অপহৃত উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ অখিলেশ সিং চৌহান নামৰ এগৰাকী অভিযন্তাক মেঘালয় আৰক্ষীয়ে উদ্ধাৰ কৰে । ৪৮ ঘণ্টাতকৈও অধিক সময় ধৰি চলা অভিযানৰ অন্তত মেঘালয়ৰ বাগমাৰা জিলা আৰক্ষীয়ে তেওঁক উদ্ধাৰ কৰে ।
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে অখিলেশৰ অপহৰণৰ বিষয়ে আলোচনা কৰিছিল । ইয়াৰে কেইঘণ্টামানৰ পিছতে অখিলেশ সিঙক উদ্ধাৰ কৰা হয় । আনহাতে, এই খবৰ লাভ কৰাৰ পাচতে লক্ষ্ণৌৰ গুডাম্বাস্থিত অভিযন্তা অখিলেশৰ ঘৰত এক সুখৰ পৰিৱেশে বিৰাজ কৰে । মেঘালয়ৰ বাঘমাৰা আৰক্ষীৰ মতে, অখিলেশ সিং চৌহান বৰ্তমান সম্পূৰ্ণ সুস্থ অৱস্থাত আছে ।
উল্লেখ্য যে, মঙলবাৰে পুৱানিশা প্ৰায় ২ বজাত মেঘালয়ৰ দক্ষিণ গাৰো পাহাৰৰ ওচৰত ৰাষ্ট্ৰীয় ঘাইপথ-২১৭ৰ এখন নিৰ্মীয়মাণ দলঙৰ ওচৰত থকা তেওঁৰ শিবিৰৰ পৰা এদল লোকে তেওঁক অপহৰণ কৰাৰ অভিযোগ উত্থাপিত হয় । বাঘমাৰাৰ এছপিয়ে জনোৱা মতে, অখিলেশক এটা প্ৰাক্তন উগ্ৰপন্থী গোটে অপহৰণ কৰে । এই ক্ষেত্ৰত আৰভীৰ দলে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰু আন দুজনৰ সন্ধান চলি আছে ।