অসম

assam

ETV Bharat / bharat

ৰাস্তাত মৰমৰ গাড়ীখন লৈ ওলাইছে! ৰ’ব আপোনাৰ বাবে এই কথাবোৰ জনাটো প্ৰয়োজন - MEGHALAYA GOVT SOP

বাহনত চাইৰেন, ৰঙীন গ্লাছ আৰু ফ্লিকাৰিং লাইট ব্যৱহাৰৰ ক্ষেত্ৰত এক বিশেষ এছঅ'পি জাৰি কৰিব মেঘালয় চৰকাৰে ।

ETV Bharat
প্ৰতীকি ছবি (ETV Bharat)

By ANI

Published : Nov 22, 2024, 2:46 PM IST

শ্বিলং(মেঘালয়) :মেঘালয় চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা । ৰাজ্যখনত শীঘ্ৰে যান-বাহনত চাইৰেন, ৰঙীন গ্লাছ আৰু ফ্লিকাৰিং লাইট ব্যৱহাৰৰ ক্ষেত্ৰত এক বিশেষ এছঅ'পি জাৰি কৰিব । সাধাৰণ ৰাইজৰ অসুবিধাৰ কথা চিন্তা কৰি চৰকাৰে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী কনৰাড চাংমাই ।

মুখ্যমন্ত্ৰীয়ে কয়, "ভিআইপি সংস্কৃতিৰ ওপৰত নাগৰিকসকলৰ পৰা মই বৃহৎ সংখ্যক অভিযোগ লাভ কৰি আহিছো । অৱশ্যে ই এক উদ্বেগৰ বিষয় । কিন্তু আমি ইয়াক একাধিক দিশৰ পৰা লক্ষ্য কৰিব লাগিব । সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে চিন্তা কৰিব লাগিব, যাক সংস্কৃতিৰ দিশৰ সৈতে মিহলি কৰিব নালাগে । সুৰক্ষা আৰু নিৰাপত্তা হৈছে এটা দিশ, যিটো আমি ব্যক্তিগতভাৱে গুৰুত্বপূৰ্ণ বুলি অনুভৱ কৰো আৰু ইয়াৰ সৈতে আপোচ কৰা উচিত নহয় । কিন্তু সেই সুৰক্ষা আৰু নিৰাপত্তাক যদি ভুল ধৰণে ব্যৱহাৰ কৰা হয়, তেন্তে মই ভাবো যে সেইটোৱেই সঁচাকৈয়ে সমস্যা ।"

মুখ্যমন্ত্ৰী চাংমাই জানিবলৈ দিয়ে যে যোৱা সপ্তাহত তেওঁ উপ-মুখ্যমন্ত্ৰী, গৃহ বিভাগৰ ভাৰপ্ৰাপ্ত আৰু আন সকলো বিষয়া, ডিজিপি আৰু মুখ্য সচিবৰ সৈতে বৈঠকত মিলিত হৈছিল । কোনে চাইৰেন, ৰঙীন গ্লাছ আৰু ফ্লিকাৰিং লাইট ব্যৱহাৰ কৰিব পাৰে আৰু কোনে ব্যৱহাৰ কৰিব নোৱাৰে সেই বিষয়ে এছঅ'পি প্ৰস্তুত কৰিবলৈ কোৱা হৈছে । এছঅ'পি প্ৰস্তুত হোৱাৰ পিছত তাক কঠোৰভাৱে ৰূপায়ণ কৰা হ'ব ।

মুখ্যমন্ত্ৰীয়ে কয় যে অহা সপ্তাহৰ ভিতৰতে এছঅ'পি কেবিনেটত উত্থাপন কৰা হ'ব । চাইৰেন, ৰঙীন গ্লাছ বা ফ্লিকাৰিং লাইট ক'ত আৰু কোনে ব্যৱহাৰ কৰিব পাৰিব তাক এছঅ'পিৰ জৰিয়তে উল্লেখ কৰা হ'ব । অৱশ্যে তেওঁ কয় যে এইটো সুৰক্ষাৰ বিষয় আৰু নিৰাপত্তাও এক চিন্তাৰ বিষয় । জেড প্লাছ, জেড আৰু ৱাইৰ দৰে বিভিন্ন শ্ৰেণীৰ নিৰাপত্তাৰ অধীনলৈ অহাসকলৰ বাবে প্ৰটোকল অনুসৰণ কৰিব লাগিব আৰু এইবোৰ হৈছে নিৰ্ধাৰিত প্ৰটোকল, যাক আপোচ কৰিব নোৱাৰি ।

লগতে পঢ়ক :আইএছবিলৈ ৰামোজী ফাউণ্ডেচনৰ ৩০ কোটিৰ অনুদান

ABOUT THE AUTHOR

...view details