অসম

assam

ETV Bharat / bharat

উত্তৰ প্ৰদেশৰ ফটকা কাৰখানাত বিধ্বংসী অগ্নিকাণ্ড; সাতজন শ্ৰমিকৰ থিতাতে মৃত্যু

Fire in firecracker factory: ফটকা কাৰখানাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ 7 গৰাকী শ্ৰমিক ৷ গুৰুতৰভাৱে আহত কেবাগৰাকীও শ্ৰমিক ৷

Kaushambi firecracker factory fire
Fire in firecracker factory

By ETV Bharat Assamese Team

Published : Feb 25, 2024, 7:19 PM IST

নিউজ ডেস্ক, 25 ফেব্ৰুৱাৰী: দেওবাৰে উত্তৰ প্ৰদেশৰ কৌশাম্বীৰ ভৰৱাৰী চহৰত অৱস্থিত এটা ফটকা কাৰখানাত হঠাতে অগ্নিকাণ্ড সংঘটিত হয় । এই ঘটনাত ৭ জন লোকৰ মৃত্যু হয় আৰু আন বহুকেইজন লোক অগ্নিদগ্ধ হয় । ইয়াৰে সৰহ সংখ্যকৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা হৈছে । অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ চেষ্টা চলায় । বহু কষ্টৰ অন্তত ভিতৰত আবদ্ধ হৈ থকা মানুহখিনিক আৰক্ষীয়ে উলিয়াই আনিবলৈ সক্ষম হয় । অগ্নিদগ্ধ লোকসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

কোখৰাজ থানা এলেকাৰ ভৰৱাৰী চহৰত সংঘটিত হৈছে এই ঘটনা । আৱাসিক এলেকাৰ পৰা নিলগৰ খালাবাদ অঞ্চলত অৱস্থিত এই ফটকা কাৰখানাটো । দেওবাৰে বিয়লি ইয়াত অগ্নিকাণ্ড সংঘটিত হয় । ইয়াৰ পিছত প্ৰচণ্ড বিস্ফোৰণ হ’বলৈ ধৰে ।

ধোঁৱাৰ আৰু জুই দেখি অঞ্চলটোৰ লোকসকল আতংকিত হৈ পৰে । এই ঘটনা সংঘটিত হোৱাৰ সময়ত কাৰখানাটোৰ ভিতৰত বহু লোক উপস্থিত আছিল । ঘটনাৰ পিচতে স্থানীয় একাংশ লোক সেই স্থানলৈ আহে । ঘটনাৰ খবৰ পোৱাৰ পিচতেই আৰক্ষীয়ে কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহন সেই স্থানলৈ মাতি আনে । ভিতৰত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰে আৰক্ষীয়ে । বহু কষ্ট কৰি লোকসকলক বাহিৰলৈ উলিয়াই অনা হয় যদিও তেতিয়ালৈকে ৭ জন লোক মৃত্যুমুখত পৰে ।

আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি এই অগ্নিকাণ্ডত কাৰখানাটোত কাম কৰা কৌছাৰ আলী, শ্বাহিদ আলী, শিৱনাৰায়ণ, ৰাম ভৱনকে ধৰি ৭ জন লোকৰ মৃত্যু হয় । ফটকা কাৰখানাটোত সংঘটিত হোৱা অগ্নিকাণ্ডৰ তথ্য লাভ কৰাৰ লগে লগে কেবাগৰাকীও শীৰ্ষ আৰক্ষী বিষয়া ঘটনা স্থলীত উপস্থিত হয় ৷

জুইৰ শিখা ইমানেই ভয়ংকৰ হৈ পৰিছিল যে ভিতৰত কাম কৰা শ্ৰমিকৰ শৰীৰৰ অংগ বহু দূৰৈত উদ্ধাৰ হয় । জুই নিয়ন্ত্ৰণৰ বাবে চিএফঅ’ আৰ কে পাণ্ডেৰ নেতৃত্বত পাঁচটা দল মোতায়েন কৰা হয় । ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি জুই নিৰ্বাপন কৰা হয় ।

প্ৰয়াগৰাজৰ আৰক্ষী মহাপৰিদৰ্শক ভানু ভাস্কৰৰ মতে, ভৰৱাৰী চহৰৰ খলিলাবাদৰ এটা ফটকা কাৰখানাত অগ্নিকাণ্ড সংঘটিত হয় । ফটকা কাৰখানাত অগ্নিকাণ্ডৰ ফলত এক বৃহৎ বিস্ফোৰণ সংঘটিত হয় । ভিতৰত আবদ্ধ হৈ পৰিছিল বহু লোক । তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হয় । ভিতৰত আবদ্ধ হৈ থকা শ্ৰমিকসকলক বহু কষ্টৰ মূৰত উদ্ধাৰ কৰা হয় । এই অগ্নিকাণ্ডত মুঠ ৭ জন লোকৰ মৃত্যু হয় । আনহাতে আন ৮ জন লোকক চিকিৎসাৰ বাবে জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । বহু লোক নিৰুদ্দেশ হৈ থকা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:দুৰ্ঘটনা নে হত্যা ? জনজাতীয় পৰিয়ালৰ মৃত্যুক লৈ উত্তাল ছত্তীশগড়ৰ ৰাজনীতি

ABOUT THE AUTHOR

...view details