ঝান্সী চিকিৎসা মহাবিদ্যালয়ত অগ্নিকাণ্ড; ১০টা নৱজাতকৰ মৃত্যু - JHANSI MEDICAL COLLEGE FIRE
চিকিৎসা মহাবিদ্যালয়ৰ শিশু ৱাৰ্ডত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত ১০টা নৱজাতকৰ মৃত্যু ৷ মৃত আৰু আহত শিশুৰ পৰিয়ালক ক্ৰমে ৫লাখ আৰু ৫০হাজাৰকৈ টকা দিয়া ঘোষণা ৷
ঝান্সী : এক শোকাৱহ ঘটনাই জোকাৰি গৈছে উত্তৰ প্ৰদেশৰ ঝান্সী ৷ ঝান্সীৰ এখন চিকিৎসা মহাবিদ্যালয়ত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ মহাবিদ্যালয়খনৰ শিশু ৱাৰ্ডত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত ১০টা নৱজাতক শিশুৰ মৃত্যু হয় ৷ বৰ্তমান ১৬ টা শিশুৱে জীৱন-মৰণৰ সৈতে যুঁজ দি আছে বুলি জানিব পৰা গৈছে ৷
উক্ত ঘটনাৰ সময়ত শিশু ৱাৰ্ডত থকা বহু শিশুক ৱাৰ্ডৰ খিৰিকী ভাঙি উলিয়াই অনা হয় । বৰ্তমানো ঘটনাস্থলীত উদ্ধাৰ অভিযান চলাই থকা হৈছে । জিলা দণ্ডাধীশকে আদি কৰি প্ৰশাসনৰ বহু শীৰ্ষ বিষয়া ইতিমধ্যে উক্ত স্থানত উপস্থিত হৈ সকলো দিশ তন্ন তন্নকৈ পৰীক্ষা কৰিছে ৷
ইফালে ঘটনাৰ বিষয়ে জানিব পাৰি তৎক্ষণাত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উক্ত স্থানত উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ চেষ্টা চলায় । এই জুই ইমানই ভয়াৱহ আছিল যে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ বহু থানাৰ আৰক্ষী বাহিনীকো সেই স্থানলৈ মাতিবলগীয়া হৈছিল ।
এই ঘটনাৰ ফলত বহু মাতৃৰ কোলা উদং হৈ পৰে ৷ ভালদৰে সদ্যজাত সন্তানটিক একোলা ল’বলৈয়ে নাপালে বহু মাতৃয়ে ৷ নিজৰ নৱজাতকৰ অকাল মৃত্যুয়ে ব্যথিত কৰি তুলিছে প্ৰতিগৰাকী মাতৃক ৷
বাতৰি যুগুত কৰা পৰলৈকে লাভ কৰা তথ্য মতে, শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে । এই দুৰ্ঘটনাৰ সময়ত প্ৰায় ৫৪ টা নৱজাত শিশুক NICU ৱাৰ্ডত ভৰ্তি হৈ আছিল । ডি এম অবিনাশ কুমাৰেও শিশু মৃত্যু হোৱাৰ কথা নিশ্চিত কৰিছে ।
প্ৰায় ৪০ টা নৱজাতকৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছে । অৱশ্যে ইয়াৰে বহু শিশু আহত হৈছে । মৃত্যু মুখত পৰা শিশুৰ পৰা আদি কৰি উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা শিশুকেইটাৰ বয়স এদিনৰ পৰা এমাহ হৈছে বুলি তেওঁ কয় ৷
উল্লেখ্য যে, এই দুৰ্ঘটনাটো শুকুৰবাৰে প্ৰায় ১০/১০:৩০ বজাৰ ভিতৰত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । শিশু ৱাৰ্ডত ধোঁৱা ওলোৱা দেখি হাস্পতালত থকা মানুহৰ মাজত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল ৷ বাজিছিল ফায়াৰ এলাৰ্মো ৷ কিন্তু কোনোবাই বহু সময়লৈকে ধৰিব পৰা নাছিল যে এই জুই ক’ত লাগিছে ৷ পৰৱৰ্তী সময়ত এই বিষয়ে জানিব পাৰে যদিও ইতিমধ্যে বহু শিশুৰ মৃত্যু হয় । ফলত চিকিৎসালয়খনৰ চৌহদত এক বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় ।
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশমৰ্মে চিকিৎসা মহাবিদ্যালয়খনত উপ মুখ্যমন্ত্ৰী বৃজেশ পাঠক উপস্থিত হয় । তেওঁ জৰুৰীকালীন ৱাৰ্ড আৰু শিশু ৱাৰ্ডত উপস্থিত হৈ আহতসকলৰ অৱস্থাৰ বিষয়ে সোধ-পোছ কৰে । লগতে তেওঁ সাহায্যৰ পৰিমাণো ঘোষণা কৰে ।