নেশ্যনেল ডেস্ক, ৮ আগষ্ট :প্ৰাকৃতিক বিপৰ্যৰ মাজত পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশ ৷ বুধবাৰে নিশা সমেজ আৰু বাগী দলঙৰ সমীপত ডাৱৰ বিস্ফোৰণ হয় ৷ ফলত হিমাচল প্ৰদেশৰ শ্ৰীখণ্ডৰ সমীপত ৪৫ জন লোক পানীত উটি যায় ৷
ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ চতুৰ্দশ বেটেলিয়ন কমাণ্ডেণ্ট (National Disaster Response Force চমুকৈ NDRF) বলজিন্দৰ সিঙে কয় যে ঘটনাৰ বিষয়ে জানিব পৰাৰ লগে লগে এই উদ্ধাৰ অভিযানৰ বাবে এন ডি আৰ এফৰ কেবাটাও দলক হিমাচল প্ৰদেশৰ উক্ত স্থানলৈ প্ৰেৰণ কৰা হৈছে । বৰ্তমানো দুৰ্যোগ ক্ষতিগ্ৰস্ত অঞ্চলটোত উদ্ধাৰ অভিযান অব্যাহত আছে ।
সংবাদ সংস্থা ANI ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সিঙে কয়, "এই বছৰ এনডিআৰএফৰ দলসমূহক হিমাচল প্ৰদেশৰ দূৰৱৰ্তী স্থানসমূহলৈ প্ৰেৰণ কৰা হৈছে, যাতে উদ্ধাৰ অভিযানত কোনো ধৰণৰ পলম নহয় । ইয়াৰ মাজতে বৃহস্পতিবাৰে পুৱাৰ ভাগলৈকে বুধবাৰে হোৱা ডাৱৰ বিস্ফোৰণত ১৩টা মৃতদেহ উদ্ধাৰ কৰা হৈছে ।’’
লগতে পঢ়ক :হিমাচলত ডাৱৰ বিস্ফোৰণ : নিৰুদ্দেশ ৪০ জন - Cloudburst in Shimla
সিঙে কয়, "আমি এতিয়ালৈকে ১৩টা মৃতদেহ উদ্ধাৰ কৰিছো । ইয়াৰ পূৰ্বেও চাৰিটা মৃতদেহ উদ্ধাৰ কৰা হৈছিল আৰু দহজন লোক নিৰুদ্দেশ হৈছিল ৷ আমি এতিয়ালৈকে ৯টা মৃতদেহ উদ্ধাৰ কৰিছো । এজন ব্যক্তিৰ সম্ভেদ এতিয়াও পোৱা হোৱা নাই ।’’