অসম

assam

ETV Bharat / bharat

বিহাৰৰ শ্ৰমিকক হত্যা;কঠোৰ ভাষাৰে গৰিহণা মুখ্যমন্ত্ৰীৰ - MANIPUR MIGRANT WORKERS KILLED

মণিপুৰত দুৰ্বৃত্তৰ গুলীত নিহত বিহাৰৰ দুই শ্ৰমিকৰ পৰিয়াললৈ ১০ লাখ টকাৰ অনুদান ঘোষণা মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ।

CM Biren Singh
বিহাৰৰ শ্ৰমিকক হত্যা (ANI)

By ANI

Published : 5 hours ago

ইম্ফল (মণিপুৰ) : হিংসাজৰ্জৰ মণিপুৰত দেওবাৰে পুনৰ এক ভয়ংকৰ ঘটনা সংঘটিত হয় । কাকচিং জিলাত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে বিহাৰৰ দুই প্ৰব্ৰজনকাৰী শ্ৰমিকক । নিহত শ্ৰমিককেইজন ক্ৰমে দশৰথ কুমাৰ আৰু সুনালাল কুমাৰ বুলি জানিব পৰা গৈছে । দুয়োজনেই বিহাৰৰ গোপালগঞ্জ জিলাৰ ৰাজৱাহি গাঁৱৰ বাসিন্দা আছিল । বহিঃৰাজ্যৰ শ্ৰমিকক এনেদৰে হত্যা কৰাৰ লগে লগে দেশজুৰি বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে । এনে পৰিস্থিতিত উত্তৰ-পূৱৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে সমগ্ৰ ঘটনাটোক গৰিহণা দিছে, লগতে শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছে । ইফালে মৃতকৰ পৰিয়ালক ১০ লাখ টকা অনুদান প্ৰদানৰ কথাও ঘোষণা কৰিছে মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে ।

তীব্ৰ গৰিহণা মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ

এক্সৰ এটা পোষ্টত তেওঁ লিখিছে,"মণিপুৰৰ কাকচিং জিলাত বিহাৰৰ পৰা অহা যুৱ ভাতৃ সুনালাল কুমাৰ (১৮) আৰু দশৰথ কুমাৰ (১৭)ক নিৰ্মমভাৱে হত্যা কৰা ঘটনাক মই তীব্ৰ গৰিহণা দিছো । সন্ত্ৰাসবাদৰ এই কাৰ্যকলাপ আমাৰ মূল্যবোধৰ ওপৰত পোনপটীয়া আক্ৰমণ আৰু তেওঁলোকৰ শোকস্তব্ধ পৰিয়াললৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছো ।" তেওঁ লগতে উল্লেখ কৰিছে যে এই কাৰ্যকলাপ ৰাজ্যখনক অস্থিৰ কৰাৰ এক বৃহৎ ষড়যন্ত্ৰ হ'ব পাৰে ।

মুখ্যমন্ত্ৰীয়ে কয় যে এই হিংসাত্মক শক্তিবোৰৰ বিৰুদ্ধে সকলোৱে একেলগে থিয় দিব লাগিব আৰু নিশ্চিত কৰিব লাগিব যাতে সেইবোৰে ভয় আৰু নিৰাপত্তাহীনতা সৃষ্টি কৰাত সফল নহয় । মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰয়োজন হ'লে এক নিৰপেক্ষ আৰু পুংখানুপুংখ তদন্ত নিশ্চিত কৰিবলৈ এই গোচৰটো ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাক (NIA) দিব পৰা যাব ।

বিহাৰৰ মুখ্যমন্ত্ৰীৰ উদ্বেগ প্ৰকাশ

ইফালে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰেও এই ঘটনাটোক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে । তেওঁ বিষয়াসকলক মৃতকৰ পৰিয়ালক নিয়ম অনুসৰি লাভালাভ প্ৰদান কৰিবলৈ আৰু লগতে দুয়োটা মৃতদেহ তেওঁলোকৰ জন্ম গাঁৱলৈ অনাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে । বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে দেওবাৰে এই হত্যাকাণ্ডক গৰিহণা দিয়ে আৰু ভুক্তভোগীৰ পৰিয়ালক ২ লাখ টকাৰ অনুদান প্ৰদানৰ ঘোষণা কৰে ।

ইয়াৰ পূৰ্বে, গোপালগঞ্জ জিলা কাৰ্যালয়ে জনাইছিল যে শ্ৰমিক দুজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা ইম্ফলৰ এখন চিকিৎসালয়ত কৰা হয় আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতেও তাৎক্ষণিকভাৱে যোগাযোগ কৰা হয় । প্ৰশাসনে বিবৃতিত উল্লেখ কৰিছে যে জিলা প্ৰশাসনে মৃতদেহ অনা আৰু অন্যান্য সহায় আগবঢ়াবলৈ মণিপুৰৰ সংশ্লিষ্ট বিষয়াসকলৰ সৈতে নিৰন্তৰ যোগাযোগ কৰি আছে । জিলা প্ৰশাসনে ব্যৱস্থা অনুসৰি মৃতকৰ পৰিয়ালৰ সদস্যসকলকো সকলো সম্ভৱ সহায় আগবঢ়াই আছে ।

লগতে পঢ়ক :মণিপুৰত দুই প্ৰব্ৰজনকাৰী শ্ৰমিকক হত্যা - MANIPUR MIGRANT WORKERS KILLED

ABOUT THE AUTHOR

...view details