নেশ্যনেল ডেস্ক, 26 এপ্ৰিল:শুকুৰবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হয় অশান্ত জৰ্জৰ মণিপুৰতো ৷ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে উখৰুল জিলাত চোৰাংচোৱাগিৰিৰ বাবে ড্ৰ’ন ব্যৱহাৰ কৰিছে ।
উখৰুল লোকসভা সমষ্টিৰ আভা বজাৰৰ অধ্যক্ষই আজিৰ ভোটগ্ৰহণ সন্দৰ্ভত কয়, "এই বজাৰখনত 130 গৰাকী সদস্য আছে । সকলো মহিলা । আমি ইতিমধ্যে সিদ্ধান্ত লৈছো কাক ভোট দিম । ভোট দিয়াৰ অধিকাৰ আমাৰ আছে আৰু আমি বুজি পাইছো কাক ভোট দিব লাগে । আমি বাছি লোৱা ব্যক্তিজনক ভোট দিবলৈ আমি সাজু ৷ "
জিলাখনৰ আন এগৰাকী ভোটাৰে মুক্ত আৰু নিকা নিৰ্বাচনৰ পোষকতা কৰি কয়, "মোৰ ভোট মোৰ পচন্দ । আমি বিশ্বাস কৰো যে মুক্ত আৰু নিকা নিৰ্বাচন হ'ব লাগে । ভোটদানত আমি সকলোৱে অংশগ্ৰহণ কৰিম ।"
মণিপুৰৰ উখৰুল জিলাৰ ‘আভা মাৰ্কেট’ সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত । উখৰুল লোকসভা সমষ্টিটোত কংগ্ৰেছৰ আলফ্ৰেড কে আৰ্থাৰৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব নগা পিপ’লছ ফ্ৰণ্টৰ কাচুই টিমথি জিমিকে ।
ইয়াৰ পূৰ্বে 19 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত একাধিক হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছত 22 এপ্ৰিলত মণিপুৰ সমষ্টিৰ 11 টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল । দুষ্কৃতিকাৰীয়ে গুলীচালনা কৰাৰ উপৰিও ই ভি এম পৰ্যন্ত ধ্বংস কৰিছিল বুলি সূত্ৰই জানিবলৈ দিয়ে ।