মুম্বাই :মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী কোন হ'ব ? এই প্ৰশ্নটোৱে এতিয়া সমগ্ৰ মহাৰাষ্ট্ৰতে চৰ্চিত হৈ আছে । মহাযুটিৰ অংশীদাৰ শিৱসেনাৰ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী একনাথ সিন্দেকে পুনৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়া হ'ব নেকি ? নে মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত বৃহৎ বিজয়ৰ নেতৃত্ব দিয়া বিজেপিৰ দেৱেন্দ্ৰ ফাড়নাভিছ হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰী ? এতিয়াও মহাযুটিয়ে সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই ।
৫ ডিচেম্বৰত মহাৰাষ্ট্ৰ চৰকাৰৰ শপতগ্ৰহণ
মুখ্যমন্ত্ৰীৰ পদক লৈ অচলাৱস্থাৰ মাজতে জানিব পৰা গৈছে মহাযুটি চৰকাৰে ডিচেম্বৰৰ প্ৰথম সপ্তাহতে শপতগ্ৰহণ কৰিব । সূত্ৰৰ মতে মহাযুটি চৰকাৰে ৫ ডিচেম্বৰত মুম্বাইত এক বিশাল অনুষ্ঠানত শপতগ্ৰহণ কৰিব । দক্ষিণ মুম্বাইৰ আজাদ ময়দানত শপতগ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হ'ব ।
বিজেপি, মহাৰাষ্ট্ৰৰ অন্তৱৰ্তীকালীন মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ নেতৃত্বত শিৱসেনা আৰু অজিত পাৱাৰৰ নেতৃত্বত এনচিপিক লৈ গঠিত মহাযুটিয়ে শেহতীয়াকৈ সমাপ্ত বিধানসভা নিৰ্বাচনত ক্ষমতা বজাই ৰাখিবলৈ সক্ষম হয় । অকল বিজেপিয়ে ১৩২ খন আসন লাভ কৰিছিল, আনহাতে শিৱসেনা আৰু এনচিপিয়ে ক্ৰমান্বয়ে ৫৭ আৰু ৪১ খন আসনত জয়ী হৈছিল ।
সূত্ৰৰ মতে মুখ্যমন্ত্ৰী বাছনিৰ বাবে বিজেপিৰ বিধায়িনী দলৰ বৈঠক ২ ডিচেম্বৰ বা ৩ ডিচেম্বৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । শিৱসেনাৰ বিধায়কসকলে ইতিমধ্যে একনাথ সিন্দেক তেওঁলোকৰ নেতা হিচাপে বাছনি কৰিছে । এনচিপিৰ বিধায়কসকলেও অজিত পাৱাৰক তেওঁলোকৰ নেতা হিচাপে বাছনি কৰিছে ।