অসম

assam

ETV Bharat / bharat

গোহালিত শুই কৰ্কট ৰোগ নিৰাময়ৰ বিধান দিলে এগৰাকী মন্ত্ৰীয়ে

Cancer Healing Tips by minister: গৰু গোহালিত শুলে, গোহালি চাফা কৰিলে নিৰাময় হয় কৰ্কট ৰোগ ৷ এগৰাকী মন্ত্ৰীয়ে ৰাইজক দিলে এই বিধান ৷

Cancer Healing Tips by minister
কৰ্কট ৰোগ নিৰাময়ৰ বিধান (ANI)

By ETV Bharat Assamese Team

Published : Oct 14, 2024, 8:52 AM IST

নিউজ ডেস্ক, 14 অক্টোবৰ: কৰ্কট ৰোগ বুলিলে সকলোৱেই ভয় খায় ৷ সঠিক সময়ত ধৰা পৰিলে কৰ্কট ৰোগৰ চিকিৎসা সম্ভৱ অন্যথা ই জীৱনৰ প্ৰতি সংশয় নমাই আনে ৷ কৰ্কট ৰোগ আৰু ৰক্তচাপজনিত সমস্যা নিৰাময়ৰ উপায় আগবঢ়াইছে এগৰাকী ব্যক্তিয়ে ৷ তেওঁ কোনো সাধাৰণ ব্যক্তি নহয় কিন্তু ৷ কি উপায় দিলে তেওঁ ? কোননো এই উপায়দাতা ?

গো-পালনেৰে কৰ্কট ৰোগ নিৰাময় কৰিব পাৰি !

গোহালি চাফা কৰি বা গোহালিত শুই কৰ্কট ৰোগ নিৰাময় কৰিব পাৰি ৷ লগতে গৰুৰ পিঠিত হাত বুলাই মৰম কৰিলে মানুহৰ উচ্চ ৰক্তচাপ নিৰাময় হয় ৷ এই মন্তব্য বা উপায় আমাৰ নহয়, এজন জনপ্ৰতিধিয়ে দিছে এই বিধান ৷ তেওঁ হৈছে উত্তৰ প্ৰদেশৰ মন্ত্ৰী সঞ্জয় সিং গংগোৱাৰ ৷

উত্তৰ প্ৰদেশৰ কুঁহিয়াৰ উন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে 55 লাখ টকা ব্যয়েৰে নৌগাৱা পাকাড়িয়াত নিৰ্মাণ কৰা কানহা গোশালা উদ্বোধন কৰি ৰাইজক উদ্দেশ্যি এই মন্তব্য কৰিছে ৷

‘‘যদি কাৰোবাৰ ৰক্তচাপজনিত সমস্যা আছে, তেন্তে গৰুৰ ওচৰলৈ যাওক ৷ ব্যক্তিজনে প্ৰতিপুৱা আৰু বিয়লি গৰুৰ পিঠিত হাত বুলাই মৰম কৰাৰ লগতে ইয়াক আপদাল কৰিব পাৰে ৷ তেওঁ যদি দৈনিক 20 এম জি ঔষধ খাই তেন্তে এনে কৰিলে ঔষধৰ মাত্ৰা 10 দিনৰ ভিতৰত 10 এম জিলৈ হ্ৰাস পাব ৷’’ গংগোৱাৰে ৰাইজক কয় ৷ তেওঁ লগতে কয়, ‘‘যদি কৰ্কট ৰোগীয়ে গোহালি চাফা কৰা আৰু গোহালিত শোৱাৰ অভ্যাস কৰে, তেন্তে তেওঁ এই ৰোগৰ পৰা উপশম পাব ৷ যদি গৰুৰ গোবৰ জ্বলাই, তেন্তে মহ আঁতৰি যায় ৷ গৰুৰ গাখীৰ, গোবৰ আদি সকলোবোৰ ব্যৱহাৰযোগ্য ৷’’

‘‘আমি আমাৰ মাতৃক সেৱা নকৰো, গতিকে মাতৃয়ে আমাক কোনো প্ৰকাৰে ক্ষতি কৰে ৷’’ তেওঁ কয় ৷ মন্ত্ৰীগৰাকীয়ে মুছলমানসকলক ঈদৰ সময়ত গোহালিলৈ আহিবলৈ আহ্বান জনায় ৷ ‘‘ঈদৰ দিনা বনোৱা চেৱৈও গৰুৰ গাখীৰত বনাব লাগে ৷’’ তেওঁ কয় ৷

দেওবাৰে উদ্বোধন কৰা গোশালাত খাদ্য আৰু ঔষধৰ লগতে গৰুৰ বাবে আশ্ৰয়ৰ ব্যৱস্থা থাকিব । ‘‘আমাৰ প্ৰচেষ্টা হৈছে গোশালাৰ সৈতে মানুহক সংযোগ কৰা । ৰাইজক বিবাহ বাৰ্ষিকী আৰু সন্তানৰ জন্মদিন গৰুৰ সৈতে উদযাপন কৰাৰ লগতে গোশালালৈ খাদ্য দান কৰিবলৈও অনুৰোধ জনোৱা হৈছে ।’’ মন্ত্ৰী গংগোৱাৰে কয় ৷

লগতে পঢ়ক:"ৰে'ল দুৰ্ঘটনা হৈয়ে থাকে": কেন্দ্ৰীয় মন্ত্ৰীৰ উদ্ভট মন্তব্য

‘‘অসত্যৰ জয় হ’বই, অন্যায়ৰ জয় হোৱাটো নিশ্চিত’’- কিয় ক’লে মুখ্যমন্ত্ৰী আতিশীয়ে ?

ABOUT THE AUTHOR

...view details