নেশ্যনেল ডেস্ক,১৭ মাৰ্চ :লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে প্ৰতিখন ৰাজ্যতে ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে । ৰাজস্থানত মূলত বিজেপি আৰু কংগ্ৰেছ দলৰ মাজত নিৰ্বাচনী ব্যস্ততা অধিক দেখা গৈছে । দুয়োটা প্ৰধান দলে ৰাজ্যখনৰ ২৫ খন আসনত প্ৰতিদ্বন্দ্বিতা আৰু জয়লাভৰ ৰণনীতি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে ।
ইয়াৰ মাজতে প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটে উদয়পুৰৰ কানহাইয়ালাল হত্যাকাণ্ডৰ গোচৰৰ বিষয়টো পুনৰ উত্থাপন কৰিছে । তেওঁ দাবী কৰে যে এনআইএয়ে এই ক্ষেত্ৰত একো কৰিব নোৱাৰে । যদি কংগ্ৰেছৰ চৰকাৰ থাকিলহেঁতেন অভিযুক্তক ফাঁচী দিয়া হ'লহেঁতেন বুলি তেওঁ দাবী কৰে । সেয়েহে তেওঁ ৰাজ্যখনৰ জনসাধাৰণক কংগ্ৰেছক আশীৰ্বাদ দিবলৈ আহ্বান জনায় । অশোক গেহলটে সামাজিক মাধ্যমত প্ৰায় ৮ মিনিটৰ এটা ভিডিঅ' পোষ্ট কৰে । য'ত তেওঁ ৰাজ্যখনৰ জনসাধাৰণক লোকসভা নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীসকলক ভোট দিবলৈ আহ্বান জনায় ।
গেহলটে বিধানসভা নিৰ্বাচনৰ কথাও উল্লেখ কৰে । শেহতীয়াকৈ অনুষ্ঠিত বিধানসভা নিৰ্বাচনত সকলোৱে বিশ্বাস কৰিছিল যে কংগ্ৰেছ চৰকাৰ পুনৰ শাসনলৈ আহিব । কিয়নো শিক্ষা, স্বাস্থ্য, সামাজিক সুৰক্ষাৰ বাবে আঁচনিবোৰ প্ৰস্তুত কৰা হৈছিল । কৃষক আৰু গ্ৰাহকসকলক বিদ্যুতৰ ৰেহাই দিয়া হৈছিল ।