অসম

assam

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 11:03 PM IST

ETV Bharat / bharat

এহাতে বন্দুক আনহাতে কেমেৰা লৈ পখিলাৰ পিচে পিচে দৌৰি ফুৰা এজন আৰক্ষী কনিষ্টবল - Untold story of a nature lover

A cop who chases butterflies: আৰক্ষীৰ লোকসকলক দৰাচলতে বিভিন্ন অপৰাধজনিত ঘটনাৰ পিচত ব্যস্ত থকা দেখা যায় । তাৰ মাজতে কিছু ব্যতিক্ৰম আৰক্ষীৰ লোক আছে, যিয়ে ব্যস্ততাপূৰ্ণ জীৱন শৈলীৰ মাজতো জীৱনৰ অন্য ৰং বিচাৰিব জানে ৷ তেনে এগৰাকী ব্যতিক্ৰমী আৰক্ষীৰ বিষয়ে এই প্ৰতিবেদনত ক’বলৈ ওলাইছোঁ...

A cop who chases butterflies
UNTOLD STORY OF A NATURE LOVER (ETV Bharat)

তেজপুৰ, 24 জুন: আপোনাৰ চৌপাশে ভিন্নৰঙী পখিলা আপুনি দেখিছে ৷ শৈশৱত পখিলাৰ পিচে পিচে আপুনিও নিশ্চয় দৌৰি আনন্দ লভিছিল ৷ কিন্তু এই যুৱকজন কিছু ব্যতিক্ৰম ৷ প্ৰকৃতিৰ বুকুত পখিলা বিচাৰি বিচাৰি লেন্সত পখিলাৰ ছবি বন্দী কৰাৰ এক অদ্ভুত নিচা আছে তেওঁৰ ৷ পখিলাৰ বন্ধু এই যুৱকজনৰ নাম ৰৌছন উপাধ্যায়, তেওঁ অৰুণাচল আৰক্ষীৰ এজন কনিষ্টবল ৷

পখিলাৰ পিচে পিচে দৌৰি ফুৰা এজন আৰক্ষী কনিষ্টবল (ETV Bharat)

এহাতত মাৰণাস্ত্ৰ আৰু এটা হাতত ডিএছএলআৰ কেমেৰা লৈ তেওঁ পখিলাৰ পিচত দৌৰি ফুৰে, আজৰি পালেই পখিলা বিচাৰি সময় কটায় । অৰুণাচল প্ৰদেশৰ লেপর্দা জিলাৰ বাছাৰত কৰ্মৰত ৰৌছন উপাধ্যায়ে দীৰ্ঘদিন ধৰি চাকৰিৰ সমান্তৰালকৈ পখিলাৰ পিচে পিচে দৌৰি ফটো সংগ্ৰহ তথা পখিলাৰ বিভিন্ন প্ৰজাতিৰ বিষয়ে গৱেষণা কৰি আহিছে ৷

লগতে পঢ়ক:লাগিলে খেতিয়েই নকৰোঁ ! ডাউকজনীয়ে শান্তিৰে পোৱালি জগাওক: এজন খেতিয়কৰ সিদ্ধান্ত - Love for nature

অৰুণাচল প্ৰদেশৰ আৰক্ষী বিভাগত কৰ্তব্যৰত ৰৌছনে 2012 চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈয়ে কনিষ্টবল হিচাপে চাকৰিত যোগদান কৰে ৷ পৰৱৰ্তী সময়ত তেওঁ চাকৰিৰ সমানে উচ্চ শিক্ষাও আৰম্ভ কৰে ।

ইয়াৰ পিচত তেওঁ জীৱনলৈ এক বিষাদৰ ক্ষণ নামি আহে ৷ 2017 চনত শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ হতাশ হৈ পৰে ৷ সেই সময়তে তেওঁ মন ভাল লগাবলৈ বনাঞ্চলত গৈ পখিলা বিচাৰি পখিলাৰ লগত সম্পৰ্ক গঢ়ি তোলে । ইয়াৰ পিচতে তেওঁৰ যাত্ৰা আৰম্ভ হয় আৰু পখিলা তেওঁৰ সংগী হৈ পৰে ।

লগতে পঢ়ক:প্ৰকৃতি প্ৰেম: এজোপা আমগছক কেন্দ্ৰ কৰিয়েই সপোনৰ ঘৰটো - Built House Without Cutting Tree

ৰৌছনৰ দেউতাক ভেশৰাজ উপাধ্যায়ে নিজৰ নেপালী টুপী আৰু কোটত পখিলাৰ মোহৰ ব্যৱহাৰ কৰিছিল ৷ ইয়ে ৰৌছনক পখিলাৰ প্ৰতি বিশেষভাৱে আকৃষ্ট কৰিছিল ৷ কেমেৰাৰ লেন্সত পখিলাৰ ছবি বন্দী কৰি পতংগবিজ্ঞানৰ ওপৰত 15 খনতকৈও অধিক গৱেষণা পত্ৰ প্ৰকাশ কৰিছে ৰৌছনে ৷ আই আই টি গুৱাহাটী, কটন বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ, মেঘালয় আৰু কেৰালাৰ সমল ব্যক্তিৰ জৰিয়তে এই গৱেষণা পত্ৰ প্ৰকাশ কৰিছে তেওঁ । এই সময়ছোৱাত তেওঁ আৱিষ্কাৰ কৰিলে 3 টা নতুন প্ৰজাতিৰ পখিলা ৷ তাৰ ভিতৰত এটা দুষ্প্ৰাপ্য তথা বিৰল প্ৰজাতিৰ ড্ৰেগনফ্লাই পখিলাও আছে ।

উত্তৰ-পূৰ্বাঞ্চলৰ বনাঞ্চলত প্ৰায় 700 প্ৰজাতিৰ পখিলা পোৱা যায় ৷ তাৰ ভিতৰত একমাত্ৰ অৰুণাচল প্ৰদেশত বিশেষকৈ হিমালয়ৰ কাষৰীয়া এলেকাত 600ৰো অধিক বিভিন্ন প্ৰজাতিৰ পখিলা পোৱা যায় । বৰ্তমানলৈকে 140 বিধ প্ৰজাতিৰ পখিলা সংৰক্ষণ কৰি তেওঁ 2019 চনত নৱেম্বৰ মাহত ইণ্ডিয়া বুক অব ৰেকৰ্ড, ডিচেম্বৰ মাহত এছিয়া বুক অব ৰেকৰ্ড ইয়াৰ পিচত আৰক্ষীৰ কমেণ্ডেচ পুৰস্কাৰ লাভ কৰে ৷ অৰুণাচল প্ৰদেশৰ ৰাজ্যিক বঁটাও লাভ কৰিছে ৰৌছনে । বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক তেওঁ পখিলাৰ বিষয়ে জ্ঞান দিয়ে ।

লগতে পঢ়ক:চৰাইদেউক আকৰ্ষণীয় পৰ্যটনস্থলী কৰাৰ লক্ষ্যৰে প্ৰকৃতিপ্ৰেমীৰ নিৰলস প্ৰচেষ্টা - Nature lover of Charaideo

ABOUT THE AUTHOR

...view details