নেশ্যনেল ডেস্ক, ২১ জুলাই : আজি গুৰু পূৰ্ণিমা ৷ অৰ্থাৎ আজি গুৰুক পূজাৰ কৰাৰ দিন । আজিৰ দিনটোতে বেদ ৰচনা কৰা বেদ ব্যাসৰ জন্ম বাৰ্ষিকীও উদযাপন কৰা হয় । বেদ ব্যাস আছিল জ্ঞানৰ ভঁৰাল ৷ সেয়ে তেওঁৰ স্মৃতিতেই পালন কৰা হয় গুৰু পূৰ্ণিমাৰ উৎসৱ ।
গুৰুক তিনি দেৱতা অৰ্থাৎ ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ সমান বুলি গণ্য কৰা হয় । এই পবিত্ৰ দিনটোত গংগাত স্নান কৰিলে ভাল বুলি গণ্য কৰা হয় ৷ লগতে গুৰুক পূজা কৰি তেওঁলোকৰ পদাংক অনুসৰণ কৰিব লাগে । তেনে কৰিলে গুৰুৰ আৰ্শীবাদ লাভ কৰিব পাৰি বুলি জনবিশ্বাস আছে ৷
গুৰু পূৰ্ণিমা 2024 (ETV Bharat) সেয়ে গুৰু পূৰ্ণিমাৰ দিনা গংগাত গা স্নান কৰিবলৈ বহু সংখ্যক ভক্তই হৰিদ্বাৰত উপস্থিত হয় । পূৰ্বৰ দৰে ব্যতিক্ৰম নহয় এইবাৰো ৷ পুৱাই হৰিদ্বাৰৰ প্ৰায় সকলো ঘাটতে বহু শ্ৰদ্ধালোৱে উপস্থিত হৈ পুণ্য অৰ্জনৰ বাবে গংগা স্থান কৰা দেখা গৈছে ৷
আজি ২০২৪ চনৰ গুৰু পূৰ্ণিমা উপলক্ষে হৰিদ্বাৰত বহু ভক্তই গংগাত গা স্নান কৰাৰ লগতে বহুতে আকৌ গংগাজল সংগ্ৰহ কৰিবলৈয়ো এই স্থানলৈ আহিছে । জ্যোতিষী পণ্ডিত মনোজ ত্ৰিপাঠীয়ে কয় যে আহাৰ মাহৰ পূৰ্ণিমাৰ দিনটোক গুৰু পূৰ্ণিমা বা ব্যাস পূৰ্ণিমা বুলিও কোৱা হয় । যি কেৱল মহৰ্ষি বেদ ব্যাসৰ জন্মদিন উপলক্ষে পালন কৰা হয় ।
লগতে পঢ়ক :শাওন মাহত কিদৰে শিৱক আৰাধনা কৰিব ? - Astro Tips
তেওঁ আৰু কয় যে গুৰু মানে আন্ধাৰৰ পৰা পোহৰৰ দিশে সকলোকে লৈ যোৱা ব্যক্তিজনক । আমাৰ জীৱনৰ দিশ দেখুওৱা ব্যক্তিজন আন কোনো নহয়, সেয়া আমাৰ গুৰু ।
গুৰু পূৰ্ণিমাৰ তাৎপৰ্য :
জ্যোতিষী মনোজ ত্ৰিপাঠীয়ে উল্লেখ কৰা মতে, এই বিশেষ দিনটোত তীৰ্থস্থানত স্নান কৰি নিজৰ গুৰুক সেৱা কৰে বা গুৰুৰ পাদুকাৰ পূজা কৰে, লগতে নিজৰ সামৰ্থ অনুযায়ী গুৰুক উপহাৰো দিয়ে, তেওঁ জীৱনত আগবাঢ়ি যোৱাত সফল হয় ৷
ইয়াৰ বাবেই এই দিনটোৰ বিশেষ তাৎপৰ্যও আছে । কাৰণ, আহাৰ পূৰ্ণিমাৰ দিনাটোত গংগাত স্নান কৰা ব্যক্তিয়ে জীৱনত যিকোনো ধৰণৰ ৰোগ বা দুখ আহিলেও অধৈৰ্য নহয় ৷ বৰঞ্চ গুৰুৰ আশীৰ্বাদত শান্ত হৈ থাকে ৷ ফলত সমস্যা সমাধানৰ বাট মুকলি হয় ৷
লগতে পঢ়ক :২১ জুলাইৰ পৰা আৰম্ভ পবিত্ৰ ব’লব’ম : ভক্তক আদৰিবলৈ সাজু পঞ্চধাৰা শিৱধাম ন্যাস কমিটী - Bolbom 2024
জ্যোতিষী মনোজ ত্ৰিপাঠীয়ে উল্লেখ কৰা মতে, যদি কোনো ব্যক্তিৰ জীৱনত পিতৃ দোষ বা বৃহস্পতি সম্পৰ্কীয় চন্দল যোগ বা কোনো ধৰণৰ হৃদযন্ত্ৰ সম্পৰ্কীয় বা স্বাস্থ্য সম্পৰ্কীয় ৰোগ থাকে, তেন্তে তেনে ব্য়ক্তিয়ে আজিৰ দিনটোত কেৱল গংগা নদীত স্নান কৰিয়েই সুফল লাভ কৰিবলৈ আৰম্ভ কৰে ।
গুৰু পূৰ্ণিমা উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে নিজৰ গুৰুৰ ওচৰলৈ আহি গংগাত স্নান কৰি পূজা কৰে । কোৱা হয় যে গুৰু পূজাৰ আগত গংগাত স্নান কৰিলে গুৰুৰ কৃপাৰ লগতে গুণো লাভ হয় ।
জগতখন যিমানেই সলনি নহওক বা মানুহৰ জীৱন-ধাৰণৰ পদ্ধতিয়েই সলনি নহওক কিয়, ইয়াৰ মাজত ভাৰতীয় সংস্কৃতিৰ আছে এক অনন্য নিদৰ্শন ৷ সেই কাৰণেই গুৰু পূৰ্ণিমাৰ দিনাটোত হৰিদ্বাৰৰ ঘাটবোৰ কেৱল ভক্তৰে ভৰি থকা দেখা যায় ।
লগতে পঢ়ক :শাওন মাহৰ এই বিশেষ দিনত পূৰ্ণ হ’ব আপোনাৰ মনৰ আশা: জানক এই দিনকেইটা কি কি - Shravana Putrada Ekadashi 2024