নেশ্যনেল ডেস্ক,২৯ জানুৱাৰী :লালু প্ৰসাদ যাদৱৰ আৰজেডিৰ সংগ এৰি ইতিমধ্যে নীতিশ কুমাৰে বিজেপিৰ সৈতে বিহাৰত নতুন চৰকাৰ গঠন কৰিছে । নীতিশ কুমাৰ নেতৃত্বাধীন জেডি (ইউ)-বিজেপিয়ে নতুন চৰকাৰ গঠন কৰাৰ লগে লগে আৰজেডিৰ বাবে বৃহৎ প্ৰত্যাহ্বানৰ আশংকা কৰা হৈছে । নীতিশ কুমাৰে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পিচতে বিদায়ী উপ মুখ্যমন্ত্ৰী তথা আৰজেডি নেতা তেজস্বী যাদৱ আৰু আৰজেডিৰ পৃষ্ঠপোষক লালু প্ৰসাদ যাদৱৰ ওপৰতো সমস্যা আহিছে । দুয়োগৰাকীৰ বিৰুদ্ধে ইডিয়ে পুনৰ চমন জাৰী কৰিছে । ৰে'লৱেত ভূমিৰ বিনিময়ত নিযুক্তিৰ গোচৰত ইডিয়ে নেতা দুগৰাকীক কাৰ্যালয়লৈ সোধা-পোছাৰ বাবে মাতি পঠিয়াইছে ।
জানিব পৰা মতে তেজস্বী পূৰ্বনিৰ্ধাৰিত তাৰিখত ইডিৰ সন্মুখত হাজিৰ হ'ব নোৱাৰিব । ইডিয়ে ১৯ জানুৱাৰীত গোচৰটোত আৰজেডিৰ পৃষ্ঠপোষক লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ পুত্ৰ তেজস্বীক চমন জাৰি কৰিছিল । লালুক ২৯ জানুৱাৰীত ইডিৰ সন্মুখত হাজিৰ হ'বলৈ কোৱা হৈছিল । তেজস্বীক ৩০ জানুৱাৰীত ইডি কাৰ্যালয়লৈ মাতি পঠিওৱা হৈছে । ইডিয়ে পাটনাৰ বাসগৃহত পিতৃ-পুত্ৰক জাননী প্ৰদান কৰিছে ।
প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱ ইডিৰ কাৰ্যালয়ত হাজিৰ হ'ব নে নাই তাক লৈ এতিয়াও সন্দেহ আছে । খবৰ মতে এইবাৰো তেওঁ ইডিৰ সন্মুখত হাজিৰ নহ'ব ৷ ইয়াৰ পূৰ্বে ২২ ডিচেম্বৰ আৰু ৫ জানুৱাৰীত ইডিয়ে তেজস্বী যাদৱক চমন জাৰি কৰিছিল ৷