নিউজ ডেস্ক, ১৮ আগষ্ট :যিমানেই দিন পাৰ হৈছে, সিমানেই কলিকতাৰ ধৰ্ষণ আৰু হত্যাকাণ্ড ঘটনাৰ উত্তেজনা বৃদ্ধি পাইছে ৷ দেশত মাৰ যোৱা নাই প্ৰতিবাদৰ ঢৌ ৷ এতিয়াও জ্বলিয়েই আছে ক্ষোভৰ অগনি ৷
এইবোৰৰ মাজতে চৰকাৰী আৰ জি কাৰ মেডিকেল কলেজ আৰু হাস্পতালৰ ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সকলো ৰাজ্যৰ আৰক্ষী বাহিনীক প্ৰতি দুঘণ্টাৰ মূৰে মূৰে পৰিস্থিতিৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে ৷ ৰাজ্যৰ আৰক্ষী বাহিনীলৈ প্ৰেৰণ কৰা এক বাৰ্তাত গৃহ মন্ত্ৰণালয়ে কয় যে প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ সকলো আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব লাগে ।
শুকুৰবাৰে প্ৰেৰণ কৰা বাৰ্তাটোত কোৱা হৈছে, "এতিয়াৰ পৰা এই সন্দৰ্ভত অবিৰতভাৱে দুঘণ্টীয়া আইন-শৃংখলাৰ পৰিস্থিতিৰ প্ৰতিবেদন আজি ১৬০০ ঘণ্টাৰ পৰা ফেক্স/ ইমেইল/ হোৱাটছএপৰ জৰিয়তে এম এইচ এ কণ্ট্ৰ'ল ৰুম (নতুন দিল্লী)লৈ প্ৰেৰণ কৰিব পাৰি ।’’
লগতে পঢ়ক :নাৰীৰ সুৰক্ষাৰ বাবে পশ্চিমবংগত মুকলি ‘ৰাত্ৰিৰেৰ সাথী’ - Kolkata Doctor Rape murder
গৃহ মন্ত্ৰালয়ে ৰাজ্যৰ আৰক্ষী বাহিনীক ফেক্স আৰু হোৱাটছএপ নম্বৰ আৰু ইমেইল আইডিও প্ৰদান কৰে, য’ত দুঘণ্টীয়া পৰিস্থিতিৰ প্ৰতিবেদন সকলোৱে প্ৰেৰণ কৰিব পাৰে ।