নেশ্যনেল ডেস্ক, 17 আগষ্ট:কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত মহিলা চিকিৎসক এগৰাকীক যৌন উৎপীড়ন চলাই হত্যা কৰা ঘটনাৰ প্ৰতিবাদত ভাৰতীয় চিকিৎসা সংস্থাই আহ্বান জনাইছিল 24 ঘণ্টীয়া দেশজোৰা ধৰ্মঘট কাৰ্যসূচীৰ ৷ শনিবাৰৰ পুৱা 6 বজাৰ পৰা আৰম্ভ হোৱা এই ধৰ্মঘট দেওবাৰৰ পুৱা 6 বজালৈকে চলিব ।
এই সময়ছোৱাত জৰুৰীকালীন বিভাগ খোলা থাকিব যদিও অ’পিডি আৰু অস্ত্ৰোপচাৰ নহ’ব । কলকাতাত প্ৰশিক্ষাৰ্থী চিকিৎসক এগৰাকীক ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ন্যায় দাবী কৰি প্ৰতিবাদ অব্যাহত থকাৰ মাজতে IMA য়ে এই ধৰ্মঘটৰ আহ্বান জনাইছে ।
IMA য়ে নিজৰ আনুষ্ঠানিক বিবৃতিত উল্লেখ কৰিছে যে সেই 24 ঘণ্টাৰ ভিতৰত ৰুটিন অ’পিডি আৰু অস্ত্ৰোপচাৰ নহ’ব; অৱশ্যে অন্যান্য অত্যাৱশ্যকীয় সেৱাসমূহ চলি থাকিব । যোৱা 9 আগষ্টত কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজত কৰ্তব্যৰত অৱস্থাত এগৰাকী স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ ফলত দেশজুৰি ধৰ্মঘট আৰু প্ৰতিবাদ সাব্যস্ত কৰে চিকিৎসাসেৱাৰ সৈতে জড়িত সংগঠনবোৰে ।
এন চি ডব্লিউ তদন্ত সমিতিৰ প্ৰাৰম্ভিক প্ৰতিবেদন
ইফালে, নেশ্যনেল কমিছন ফৰ উইমেন(এনচিডব্লিউ)ৰ দুজনীয়া তদন্ত সমিতিখনে “অপৰ্যাপ্ত নিৰাপত্তা, দুৰ্বল সুবিধা, অনুচিত তদন্ত আৰু সুৰক্ষাৰ অভাৱ”ক সমালোচনা কৰি প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল কৰিছে ।