নিউজ ডেস্ক, ১০ আগষ্ট : ৱাকফ (সংশোধনী) বিধেয়ক পৰীক্ষা কৰিবলৈ সংসদৰ ৩১ গৰাকী সদস্যৰে এখন যুটীয়া সমিতি গঠন কৰা হৈছে । এই সমিতিত থাকিব ৩১ গৰাকী সদস্য । ইয়াৰে ভিতৰত লোকসভাৰ পৰা ২১ গৰাকী আৰু ৰাজ্যসভাৰ পৰা ১০ গৰাকী সদস্য থাকিব । সমিতিখনে পৰৱৰ্তী অধিৱেশনৰ ভিতৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিব লাগিব ।
লোকসভা আৰু ৰাজ্যসভাই শুকুৰবাৰে কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী তথা সংসদীয় পৰিক্ৰমা বিভাগৰ দায়িত্বত থকা কিৰেণ ৰিজিজুৱে উত্থাপন কৰা এক প্ৰস্তাৱ গ্ৰহণ কৰে । উক্ত প্ৰস্তাৱত সমিতিত থাকিবলগা সদস্যসকলৰ নাম প্ৰকাশ কৰা হয় ।
কোন দলৰ কিমান সদস্য থাকিব সমিতিত :
নিম্ন সদনৰ পৰা সমিতিৰ ১২ গৰাকী সদস্য থাকিব ক্ষমতাসীন নেচনেল ডেম'ক্ৰেটিক এলায়েন্স চমুকৈ এন ডি এৰ । ইয়াৰে ভিতৰত আছে বিজেপিৰ আঠগৰাকী । আনহাতে বাকী ৯ গৰাকী হৈছে বিৰোধী দলৰ । একেদৰে উচ্চ সদনৰ পৰা চাৰিগৰাকী বিজেপিৰ, চাৰিগৰাকী বিৰোধীৰ আৰু এগৰাকী মনোনীত সদস্যক সমিতিত লোৱা হৈছে ।
লোকসভাৰ কোন কোন সদস্য থাকিব :
সমিতিত থকা লোকসভাৰ সদস্যসকল হৈছে -
বিজেপিৰ
- জগদম্বিকা পাল
- নিশিকান্ত দুবে
- তেজস্বী সূৰ্য
- অপৰাজিতা সাৰংগী
- সঞ্জয় জয়ছোৱাল
- দিলীপ শইকীয়া
- অভিজিৎ গাংগুলী
- ডি কে অৰুণা
কংগ্ৰেছৰ
- গৌৰৱ গগৈ
- ইমৰান মাছুদ
- মহম্মদ জাভেদ
আন আন সদস্যসকল হৈছে
- মহিবুল্লাহ (সমাজবাদী পাৰ্টী)
- কল্যাণ বেনাৰ্জী (তৃণমূল কংগ্ৰেছ)
- এ ৰাজা (ডি এম কে)
- লাভু শ্ৰীকৃষ্ণ দেৱৰায়লু (তেলেগু দেশম পাৰ্টী)
- দিলেশ্বৰ কামাইত (জে ডি ইউ)
- অৰবিন্দ সাৱন্ত (শিৱসেনা-ইউ বি টি)
- সুৰেশ মহাত্ৰে (এন চি পি-শৰদ পাৱাৰ)
- নৰেশ মচকে (শিৱসেনা)
- অৰুণ ভাৰতী (লোক জনশক্তি পাৰ্টী-ৰাম বিলাস)
- আছাদুদ্দিন ওৱেইচি (এ আই এম আই এম)