জম্মু: দেশৰ ভিন্ন প্ৰান্তত হিন্দু ধৰ্মৰ মহিলাসকলে সোমবাৰে পালন কৰিলে কৰৱা চৌথ ৷ স্বামীৰ দীৰ্ঘায়ু কামনা কৰি এই দিনটোত ব্ৰত ৰাখে পত্নীসকলে, সন্ধিয়া জোনৰ মুখ দেখা লগে লগে স্বামীয়ে তেওঁলোকৰ ব্ৰত ভংগ কৰাব লাগে ৷ বিশেষকৈ উত্তৰ ভাৰতত এই পৰম্পৰাক অতি ভক্তিভাৱেৰে পালন কৰা হয় ৷
কিন্তু শশীভূষণৰ পৰিয়ালৰ বাবে কৰৱা চৌথ হৈ পৰিল গোটেই জীৱনৰ বাবে এক দুখৰ দিন ৷ স্বামীৰ মংগল চিন্তা কৰি কৰৱা চৌথৰ ব্ৰত ৰখাৰ যো-জা চলাওঁতেই সকলো শেষ হৈ গ’ল ৷
পত্নী ৰুচিয়ে শশীক ফোন কৰি কৈছিল, কৰৱা চৌথৰ ব্ৰত ৰখাৰ বাবে যোগাৰ চলোৱাৰ কথা ৷ শশী সেই সময়ত আছিল কৰ্মস্থলীত ৷ ৰুচিয়ে যেনে-তেনে স্বামীক ঘৰলৈ আহিবলৈ অনুৰোধ জনাইছিল, যাতে স্বামীয়ে তেওঁৰ ব্ৰত ভাঙিব পাৰে ৷ কিন্তু ৰুচিৰ ব্ৰত ভঙা নহ’ল ! তাৰ পূৰ্বেই পৰিয়ালে লাভ কৰিলে অনাকংক্ষিত এটা খবৰ... শশী ঘৰলৈ আহিল ঠিকেই, কিন্তু পত্নী ৰুচিৰ ব্ৰত ভাঙিব নোৱাৰিলে ৷
বগা কাপোৰেৰে মেৰিয়াই থোৱা শশীৰ নিথৰ দেহটোত তেতিয়ালৈ চাগৈ তেজবোৰ গোট মাৰি হিমচেঁচা হৈ পৰিছিল ৷ পত্নীয়ে মাতিছিল, কিন্তু সেইবুলি এনেকৈ আহিব লাগেনে ? শশীৰ দীৰ্ঘায়ুৰ বাবেইটো ৰুচিয়ে কৰৱা চৌথৰ ব্ৰত ৰখা যো-জা চলাইছিল ৷ তেন্তে ঈশ্বৰেনো ৰুচিৰ আহ্বান কিয় নুশুনিলে ? কিয় কপাল উকা কৰি কাঢ়ি নিলে শশীক ? হিয়া ঢাকুৰি কান্দিলেও ৰুচিৰ ব্ৰত ভাঙিবলৈ শশী আৰু নাই ৷ এই প্ৰশ্নবোৰৰ উত্তৰো ৰুচিক কোনেও দিব নোৱাৰে ৷