অসম

assam

ETV Bharat / bharat

জম্মু-কাশ্মীৰে দশক ধৰি ৰাজবংশীয় ৰাজনীতিৰ ফল ভুগিবলগা হৈছে; জম্মুত প্ৰধানমন্ত্ৰী মোদী - প্ৰধানমন্ত্ৰী মোদী

PM Modi in Jammu : "জম্মু-কাশ্মীৰৰ উন্নয়নত অনুচ্ছেদ ৩৭০ আটাইতকৈ ডাঙৰ বাধা আছিল । অৱশ্যে বিজেপি চৰকাৰে ইয়াক বাতিল কৰিছে । জম্মু-কাশ্মীৰ এতিয়া সামগ্ৰিক উন্নয়নৰ দিশে আগবাঢ়িছে ।" প্ৰধানমন্ত্ৰীয়ে কয় ।

জম্মুত প্ৰধানমন্ত্ৰী মোদী
জম্মুত প্ৰধানমন্ত্ৰী মোদী

By ANI

Published : Feb 20, 2024, 4:54 PM IST

নিউজ ডেস্ক, ২০ ফেব্ৰুৱাৰী : বৰ্তমান কেন্দ্ৰীয়শাসিত অঞ্চল জম্মু-কাশ্মীৰে কেইবা দশক ধৰি 'ৰাজবংশীয় ৰাজনীতিৰ ফল' বহন কৰিবলগা হৈছে । জম্মুত কেইবাটাও উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে বিৰোধী পক্ষক তীব্ৰ সমালোচনা কৰি এনেদৰে কয় ।

জম্মুত এক গণ সমাবেশ সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰাজবংশীয় ৰাজনীতিত লিপ্ত হোৱা ৰাজনৈতিক দলসমূহে কেৱল নিজৰ স্বাৰ্থৰ প্ৰতিহে চিন্তা কৰে ।

"জম্মু-কাশ্মীৰে কেইবা দশক ধৰি ৰাজবংশীয় ৰাজনীতিৰ ফল ভুগিবলগা হৈছে । তেওঁলোকে কেৱল তেওঁলোকৰ পৰিয়ালৰ বিষয়ে চিন্তিত, আপোনালোকৰ স্বাৰ্থৰ বিষয়ে নহয় । আপোনালোকৰ পৰিয়াল আৰু অঞ্চলটোৰ যুৱক-যুৱতীসকল ইয়াৰ বাবে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ।" প্ৰধানমন্ত্ৰীয়ে কয় । তেওঁ লগতে কয়, "মই সুখী যে জম্মু-কাশ্মীৰে এই ৰাজবংশীয় ৰাজনীতিৰ পৰা মুক্তিলাভ কৰিছে ।"

আনহাতে, ২০১৯ চনত বাতিল কৰা অনুচ্ছেদ ৩৭০ জম্মু-কাশ্মীৰৰ উন্নয়নৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ 'বাধা' বুলি দাবী কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয়শাসিত অঞ্চলটো বৰ্তমান সামগ্ৰিক উন্নয়নৰ দিশে আগবাঢ়িছে ।

"জম্মু-কাশ্মীৰৰ উন্নয়নত অনুচ্ছেদ ৩৭০ আটাইতকৈ ডাঙৰ বাধা আছিল । অৱশ্যে বিজেপি চৰকাৰে ইয়াক বাতিল কৰিছে । জম্মু-কাশ্মীৰ এতিয়া সামগ্ৰিক উন্নয়নৰ দিশে আগবাঢ়িছে । এইটো হৈছে কেৱল অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ বাবেই । মই জনসাধাৰণক আহ্বান জনাইছোঁ যে বিজেপিয়ে ৩৭০ খন আসন জয় কৰাৰ ক্ষেত্ৰত আমাক সহায় কৰক । এন ডি এয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ৪০০ খন আসনত জয়লাভ কৰিব ।" তেওঁ কয় ।

"মোৰ আপোনালোকৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে আৰু আমি 'বিকশিত জম্মু-কাশ্মীৰ' নিৰ্মাণ কৰিম । আপোনালোকৰ ৭০ বছৰৰ সপোনবোৰ মোদীয়ে অনাগত বছৰবোৰত পূৰণ কৰিব । পূৰ্বতে কেৱল বোমা, অপহৰণ আৰু পৃথকীকৰণৰ হতাশাজনক বাতৰি জম্মু-কাশ্মীৰৰ পৰা আহিছিল, কিন্তু এতিয়া জম্মু-কাশ্মীৰ বিকশিত হৈ আছে আৰু আগবাঢ়িছে...।" প্ৰধানমন্ত্ৰীয়ে লগতে কয় ।

উল্লেখ্য যে ২০১৯ চনত অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ জম্মু-কাশ্মীৰলৈ এইটো হৈছে দ্বিতীয়টো ভ্ৰমণ আৰু আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে ইয়াক গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰা হৈছে ।

লগতে পঢ়ক :মানহানি গোচৰ, ৰাহুল গান্ধীক জামিন প্ৰদান

ABOUT THE AUTHOR

...view details