জব্বলপুৰ : কুম্ভমেলাৰ পৰা উভতি অহাৰ পথত ৰেৱা-প্ৰয়াগৰাজ ৰাজপথৰ চিহোৰাৰ ওচৰত ভক্ত কঢ়িয়াই অনা এখন ট্ৰেভেলাৰ দুৰ্ঘটনাত পতিত হয় । এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাটোত ঘটনাস্থলীতে নিহত হয় ৭ জন লোক ।
জব্বলপুৰৰ পৰা ৫০ কিলোমিটাৰ দূৰৈত এই দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা আটাইকেইজন লোক অন্ধ্ৰপ্ৰদেশৰ বুলি জানিব পৰা গৈছে । বিপৰীত দিশৰ পৰা অহা চিমেণ্টভৰ্তি এখন ট্ৰাকৰ সৈতে বাছখনৰ সংঘৰ্ষৰ ফলত মঙলবাৰে পুৱা ৯ বজাত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় । বাছখনত থকা যাত্ৰীসকল প্ৰয়াগৰাজৰ কুম্ভমেলাৰ পৰা উভতি আহিছিল । লগে লগে জব্বলপুৰৰ জিলা আয়ুক্ত আৰক্ষী অধীক্ষক ঘটনাস্থলীলৈ ৰাওনা হয় ।
ঘটনাস্থলীত উপস্থিত হোৱা এছ ডি অ' পি পাৰুল শৰ্মাই কয় যে দুৰ্ঘটনাগ্ৰস্ত বাহনখনত অন্ধ্ৰপ্ৰদেশৰ নম্বৰ প্লেট আছে আৰু যাত্ৰীসকল অন্ধ্ৰপ্ৰদেশৰ বাসিন্দা বুলি জানিব পৰা গৈছে । আনহাতে, এই গাড়ীখনৰ ঠিক পিচে পিচে আহি থকা আন এখন গাড়ীয়েও ট্ৰেভেলাৰখনত খুন্দা মাৰে । কিন্তু গাড়ীখনত থকা এয়াৰবেগ খোল খোৱাৰ ফলত গাড়ীখনত থকা যাত্ৰীসকল ৰক্ষা পৰে ।