অসম

assam

ETV Bharat / bharat

গান্দেৰৱালত সন্ত্ৰাসবাদী আক্ৰমণ; ঘটনাস্থলীত এনআইএৰ দল উপস্থিত

Terrorist attack: এনআইএয়ে গান্দেৰৱালৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । অঞ্চলটোত কটকটীয়া নিৰাপত্তা ।

By ETV Bharat Assamese Team

Published : 5 hours ago

Terrorist attack
গান্দেৰৱালত সন্ত্ৰাসবাদী আক্ৰমণ; ঘটনাস্থলীত এনআইএৰ দল উপস্থিত (PTI)

শ্ৰীনগৰ : মধ্য কাশ্মীৰৰ গান্দেৰবাল জিলাৰ গগনগীৰত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক লৈ দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । সন্ত্ৰাসবাদীৰ সন্ধানত আৰক্ষী তথা সেনাই ইতিমধ্যে অঞ্চলটোত অভিযান তীব্ৰতৰ কৰি তুলিছে । তাৰ মাজতে ঘটনাটোৰ তদন্তৰ বাবে সোমবাৰে উক্ত অঞ্চলত উপস্থিত হৈছে এনআইএৰ এটা দল ।

গান্দেৰবালত এনআইএৰ দল উপস্থিত

এগৰাকী জ্যেষ্ঠ বিষয়াৰ নেতৃত্বত এনআইএৰ দলটো পুৱা আক্ৰমণস্থলীত উপস্থিত হৈছে । তেওঁলোকে ঘটনাটোৰ সৈতে জড়িত সকলো সম্ভৱ দিশৰ তদন্ত কৰিব বুলি আশা কৰা হৈছে ।

বিষয়াগৰাকীয়ে কয়, "তদন্তটোৱে আক্ৰমণৰ আঁৰৰ পৰিস্থিতি আৰু উদ্দেশ্যবোৰ উদঘাটন কৰিব যাতে ইয়াৰ আঁৰত থকা দোষীক চিনাক্ত কৰিব পৰা যায় ।" বিষয়াজনে লগতে কয়, "সন্ত্ৰাসবাদীয়ে ইয়াৰ কৌশলগত গুৰুত্বৰ বাবে স্থানটো লক্ষ্য কৰা দেখা গৈছে আৰু আমি আক্ৰমণৰ সম্পূৰ্ণ উদ্দেশ্য উন্মোচন কৰিবলৈ বিভিন্ন দিশত অনুসন্ধান চলাই আছো ।"

সন্ত্ৰাসবাদী আক্ৰমণ

উল্লেখ্য যে, দেওবাৰে সন্ধিয়া গগনগীৰৰ এটা সুৰংগ নিৰ্মাণ ক্ষেত্ৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছিল । সেই স্থানত থকা শ্ৰমিকসকলক লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰিছিল । এই আক্ৰমণত ৬ গৰাকী শ্ৰমিক আৰু এগৰাকী চিকিৎসক নিহত হয় ।

এই আক্ৰমণৰ পিছতে নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে । নিছিদ্ৰ তালাচী চলোৱা হৈছে । নিৰাপত্তা বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰি ৰাখিছে । কৌশলগতভাৱে এই স্থান জেড-মৰ্হ সুৰংগৰ ওচৰত অৱস্থিত । যিটো অঞ্চল নিৰ্মাণ আৰু উন্নয়ন প্ৰকল্পৰ এক কেন্দ্ৰবিন্দু হৈ আছে । এই আক্ৰমণৰ পিছতে দেশৰ গৃহমন্ত্ৰীকে ধৰি ৰাজনৈতিক নেতাসকলেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই ঘটনাক নিন্দা কৰিছে ।

লগতে পঢ়ক :জম্মু-কাশ্মীৰত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ : চিকিৎসকসহ ৭ শ্ৰমিক নিহত; অমিত শ্বাহ-প্ৰিয়ংকা গান্ধীৰ লগতে অন্যান্যৰ কঠোৰ ব্যৱস্থাৰ আহ্বান

ABOUT THE AUTHOR

...view details