নেশ্যনেল ডেস্ক,১১ অক্টোবৰ :কলকাতাৰ আৰজি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডক লৈ এতিয়াও দেশত প্ৰতিবাদ অব্যাহত আছে । কনিষ্ঠ চিকিৎসকসকলে সেই ঘটনাৰ উচিত ন্যায় প্ৰদান আৰু চিকিৎসকসকলৰ উপযুক্ত নিৰাপত্তাৰ দাবীৰে প্ৰতিবাদ অব্যাহত ৰাখিছে ।
ইণ্ডিয়ান মেডিকেল এছ'চিয়েচনৰ পত্ৰ
যোৱা ৫ অক্টোবৰৰ পৰা পশ্চিমবংগ জুনিয়ৰ ডক্টৰ্ছ ফ্ৰণ্টৰ কনিষ্ঠ চিকিৎসকসকলে অনিৰ্দিষ্টকালৰ বাবে অনশন কাৰ্যসূচী গ্ৰহণ কৰিছে । প্ৰায় ১ সপ্তাহ ধৰি এই অনশন অব্যাহত ৰাখিছে চিকিৎসকসকলে । কিন্তু পশ্চিমবংগ চৰকাৰে তেওঁলোকৰ দাবী মানি লোৱাৰ ক্ষেত্ৰত এতিয়ালৈ কোনো সেউজ সংকেত দিয়া নাই । যাৰ বাবে উদ্বিগ্ন হৈ পৰিছে চিকিৎসক আৰু ইণ্ডিয়ান মেডিকেল এছ'চিয়েচন (আইএমএ)। সেয়ে আইএমএয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ এখন পত্ৰ লিখি কনিষ্ঠ চিকিৎসকসকলৰ সৈতে আলোচনাৰ মাধ্যমেৰে সমস্যাবোৰ নিষ্পত্তি কৰিবলৈ আহ্বান জনাইছে ।
আইএমএয়ে উল্লেখ কৰা মতে পশ্চিমবংগ চৰকাৰে সকলো দাবী পূৰণ কৰিব পাৰে । মমতা বেনাৰ্জীলৈ লিখা পত্ৰখনত ইণ্ডিয়ান মেডিকেল এছ'চিয়েচনে লিখিছে, "বংগৰ কনিষ্ঠ চিকিৎসকসকলে অনশন কৰি থকা প্ৰায় এসপ্তাহ হ'ল । ইণ্ডিয়ান মেডিকেল এছ'চিয়েচনে তেওঁলোকৰ ন্যায়সংগত দাবীক সমৰ্থন কৰে । তেওঁলোকৰ প্ৰতি আপুনি তাৎক্ষণিকভাৱে মনোযোগ দিয়া উচিত ।"