তেজপুৰ, ২৭ মে’ : ভাৰতীয় সেনাৰ মটৰ চাইকেল আৰোহীৰ এটা জনপ্ৰিয় দল হ’ল ডেয়াৰ ডেভিলছ্ ৷ কৰ্পছ অব্ চিগনেলছৰ মটৰ চাইকেল ৰাইডাৰ ডিছপ্লে’ টীমটোৱে শেহতীয়াকৈ ৰূপাৰ গ্যাপটং আঞ্চলিক ষ্টেডিয়ামত গজৰাজ কৰ্পছৰ সৈন্যৰ হৈ এক বিশেষ অনুষ্ঠান প্ৰদৰ্শন কৰে অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ ৰূপাত ৷
ডেয়াৰ ডেভিলছৰ প্ৰদৰ্শনত চকু থৰ অৰুণাচলবাসীৰ (ETV Bharat Assam) উক্ত অনুষ্ঠানত স্থানীয় লোকৰ ব্যাপক সঁহাৰি লাভ কৰাৰ লগতে শিহৰণকাৰী ষ্টাণ্টত মুগ্ধ হৈ পৰে দৰ্শকসকল ৷ প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে জনায় যে অনুষ্ঠানটোত ভাৰতীয় সেনা, সীমান্ত পথ সংস্থা আৰু অসামৰিক প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৰূপাৰ অতিৰিক্ত উপ-আয়ুক্ত লবছাং চেতান আৰু সহকাৰী আৰক্ষী অধীক্ষক পৱন কুমাৰ যাদৱ ।
ডেয়াৰ ডেভিলছৰ প্ৰদৰ্শনত চকু থৰ অৰুণাচলবাসীৰ (ETV Bharat Assam) এই অনুষ্ঠানটোৰ জৰিয়তে অৰুণাচল প্ৰদেশত দলটোৱে তৃতীয়টো প্ৰদৰ্শন কৰে ৷ ইয়াৰ পূৰ্বে ২০১৭ চনত একেখন ষ্টেডিয়ামতে মটৰ চাইকেল ষ্টান্ট প্ৰদৰ্শন কৰিছিল ডেয়াৰ ডেভিলছে ৷ পশ্চিম অৰুণাচল প্ৰদেশৰ ৰূপা আৰু টেংগা উপত্যকাৰ স্থানীয় লোকৰ পৰা উচ্চ প্ৰশংসা লাভ কৰে দলটোৱে ৷ ভাৰতীয় সেনাবাহিনীত যোগদান কৰি এনেধৰণৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত স্থানীয় যুৱক-যুৱতী অনুপ্ৰাণিত হ’ব বুলি আশা প্ৰকাশ কৰে লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে ৷
ডেয়াৰ ডেভিলছৰ প্ৰদৰ্শনত চকু থৰ অৰুণাচলবাসীৰ (ETV Bharat Assam) উল্লেখ্যযোগ্য যে আত্মনিয়ন্ত্ৰণ, মানসিক সজাগতা, অতুলনীয় সাহস, কষ্টসহিষ্ণুতা আৰু মটৰ চাইকেল পৰিচালনাৰ নিখুঁত তথা ব্যতিক্ৰমী প্ৰদৰ্শনৰ বাবে ডেয়াৰ ডেভিলছ দলটো বিখ্যাত ৷ স্প্লিট চেকেণ্ডলৈকে সময় নিৰ্ধাৰণ কৰা তেওঁলোকৰ ষ্টাণ্টে দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈ আহিছে ৷ দলটোৱে মটৰ চাইকেলত মানৱ শৃংখলো প্ৰদৰ্শন কৰে আৰু সেই দৃশ্যই দৰ্শকক অধিক আকৰ্ষণ কৰে ।
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ দক্ষতাৰ বাবে স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় সেনাৰ Dare Devils এ বৰ্তমানলৈকে মুঠ একত্ৰিশটা বিশ্ব অভিলেখ গঢ়িছে ৷ গীনিজ, লিমকা, এছিয়া আৰু ইণ্ডিয়া বুক অব্ ৰেকৰ্ডত ইতিমধ্যে নাম অন্তৰ্ভুক্ত কৰিছে দলটোৱে ৷
মটৰ চাইকেল ৰাইডাৰছ ডিছপ্লে টীম, সেনাৰ কৰ্পছ অৱ চিগনেলছৰ ডেয়াৰ ডেভিলছ হৈছে ভাৰতীয় সেনাৰ আটাইতকৈ পুৰণি প্ৰদৰ্শনকাৰী ৰাইডাৰ ডিছপ্লে টীম ৷ ১৯৩৫ চনত আৰম্ভ হোৱাৰ পৰাই জবলপুৰৰ মুখ্য কাৰ্যালয় ১ চিগনেল প্ৰশিক্ষণ কেন্দ্ৰই দলটোক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে ৷
লগতে পঢ়ক:উত্তৰ ছিকিমৰ গ্ল'ফ আক্ৰান্ত গাঁৱত ত্ৰিশক্তি কৰ্পছৰ চিকিৎসা শিবিৰ