প্ৰয়াগৰাজ, উত্তৰ প্ৰদেশ :মহা কুম্ভমেলা সমাগত । ইতিমধ্যে ইয়াৰ বাবে প্ৰস্তুতি তুংগত উঠিছে । ভাৰতৰ পবিত্ৰ নদীৰৰ পাৰত এই হিন্দু ধৰ্মীয় উৎসৱৰ বাবে এখন অস্থায়ী চহৰ নিৰ্মাণ কৰা হৈছে । ইয়াত জনসমাগম ইমান বিশাল হ'ব বুলি আশা কৰা হৈছে যে ইয়াক মহাকাশৰ পৰা ইতিহাসৰ সৰ্ববৃহৎ সমাবেশ হিচাপে পৰিলক্ষিত হ'ব ।
প্ৰয়াগৰাজত নদীৰ ওপৰত শাৰী শাৰী পল্টন দলং নিৰ্মাণ কৰা হৈছে । ইয়াৰ দ্বাৰা ভাৰতীয় কৰ্তৃপক্ষই ছয় সপ্তাহ ধৰি চলিবলগা কুম্ভমেলাৰ সময়ত 400 নিযুত তীৰ্থযাত্ৰীক আদৰিবৰ বাবে বাবে প্ৰস্তুতি চলাইছে ।
উল্লেখ্য যে এই জনসমুদ্ৰ আমেৰিকা আৰু কানাডাৰ মুঠ জনসংখ্যাতকৈও অধিক । ধৰ্মীয় শ্ৰদ্ধা আৰু পৰম্পৰাগত স্নানৰ এই সহস্ৰাব্দ পুৰণি পবিত্ৰ আয়োজন প্ৰতি 12 বছৰৰ মূৰত এবাৰকৈ উক্ত স্থানত আয়োজন কৰা হয় য'ত গংগা, যমুনা আৰু পৌৰাণিক সৰস্বতী নদীৰ সংগম ঘটিছে ।
কিন্তু 13 জানুৱাৰীৰ পৰা 26 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া এইবাৰৰ সংস্কৰণটো এক বৃহৎ সমাবেশ হ'ব বুলি আশা কৰা হৈছে । কিয়নো এই সমাবেশে পৃথিৱীৰ এক বিশেষ উৎসৱৰ স্বীকৃতি লাভ কৰিবলৈ আগবাঢ়িছে ।
অনুষ্ঠানৰ বাবে কৰ্মৰত শ্ৰমিক বাবু চান্দৰ কপালত ঘামৰ টোপালবোৰ জিলিকি উঠিছে । কিয়নো তেওঁ 4,000 হেক্টৰ (15 বৰ্গ মাইল)তকৈ অধিক স্থানত দিন-ৰাতি একাকাৰ কৰি এক অন্তহীন বৈদ্যুতিক তাঁৰ স্থাপনৰ বাবে খাদ খনন কৰি আছে । 48 বছৰীয়া চান্দে এ এফ পিক কয়, "বহুত সংখ্যক ভক্ত আহিব ।" তেওঁ লগতে কয় যে তেওঁ এই মেলাৰ বাবে এক পুণ্যৰ কাম কৰি আছে ।
"মই অনুভৱ কৰো যে মই মোৰ ক্ষুদ্ৰ অৱদান আগবঢ়াই আছো, মই যি কৰি আছো সেয়া এক পবিত্ৰ কাৰ্য যেন লাগিছে ।" তেওঁ লগতে কয় ।
শুদ্ধ বিশ্বাস
উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ, যাক পূৰ্বতে এলাহাবাদ বুলি কোৱা হৈছিল, প্লাৱনভূমিত ম্যানহাটানৰ দুই-তৃতীয়াংশ এলেকাত এক সুবিশাল টেণ্ট চিটি নিৰ্মাণ কৰা হৈছে । মহোৎসৱৰ মুখপাত্ৰ বিবেক চতুৰ্বেদীয়ে কয়, "প্ৰায় 350 ৰ পৰা 400 নিযুত ভক্তই মেলা পৰিদৰ্শন কৰিবলৈ গৈ আছে । সেয়ে আপুনি ইয়াৰ প্ৰস্তুতিৰ পৰিমাণ কেনে হ'ব সেয়া কল্পনা কৰিব পাৰে ।"
কুম্ভমেলাৰ বাবে প্ৰস্তুতি কৰাটো হৈছে এখন নতুন দেশ প্ৰতিষ্ঠা কৰাৰ দৰে । ইয়াৰ বাবে ৰাস্তা, পোহৰ, আৱাস আৰু নৰ্দমাৰ প্ৰয়োজন । "এই অনুষ্ঠানটোক অনন্য কৰি তোলাৰ যি ব্যৱস্থা সেয়া হৈছে ইয়াৰ মহত্ব আৰু আন এক তথ্য হৈছে যে ইয়াত কাকো কোনোৱে নিমন্ত্ৰণ নজনায়... সকলোৱে নিজাববীয়াকৈ আহে, এক শুদ্ধ বিশ্বাসৰ দ্বাৰা চালিত ।" চতুৰ্বেদীয়ে এ এফ পিক কয় । "পৃথিৱীৰ কোনো ঠাইতে আপুনি এই আকাৰৰ এক সমাবেশ দেখা নাপাব, আনকি ইয়াৰ এক দশমাংশও নহয় ।"
উল্লেখ্য, প্ৰায় ১.৮ নিযুত মুছলমানে চৌদি আৰবৰ মক্কাত প্ৰতিবছৰে হজযাত্ৰাত অংশগ্ৰহণ কৰে । চতুৰ্বেদীৰ মতে, কুম্ভমেলাৰ নিৰ্মাণৰ সংখ্যাবোৰ মনত ৰাখিবলগা । প্ৰায় 150,000 শৌচালয় নিৰ্মাণ কৰা হৈছে, 68,000 এলইডি লাইটৰ খুঁটা নিৰ্মাণ কৰা হৈছে আৰু ৰাজহুৱা পাকঘৰবোৰে একে সময়তে 50,000 লোকক খাদ্য যোগান ধৰিব পাৰে ।