অসম

assam

ETV Bharat / bharat

অৰুণাচলৰ স্থানৰ নাম সলনি কৰিবলৈ চীনে কৰা প্ৰচেষ্টাক ‘অৰ্থহীন’ অভিহিত ভাৰতৰ - China to rename places in Arunachal - CHINA TO RENAME PLACES IN ARUNACHAL

China to rename places in Arunachal: উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অৰুণাচল প্ৰদেশৰ ৩০টা স্থানৰ নতুন নামৰ চতুৰ্থ তালিকা প্ৰকাশ কৰিছে চীনে । ইয়াৰ পাচতেই ভাৰতত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ অৰুণাচলৰ স্থানৰ নাম সলনি কৰাৰ বাবে চীনে কৰা প্ৰচেষ্টাক নাকচ কৰিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ৷ অৰুণাচল ভাৰতৰ এক অবিচ্ছেদ্য অংশ হয়, আছিল আৰু সদায় থাকিব বুলি মন্তব্য ভাৰতৰ ।

India firmly rejects 'senseless attempts' by China to rename places in Arunachal
অৰুণাচলৰ স্থানৰ নাম সলনি কৰিবলৈ চীনে কৰা ‘অৰ্থহীন প্ৰচেষ্টা’ ভাৰতৰ নাকচ

By PTI

Published : Apr 2, 2024, 2:12 PM IST

Updated : Apr 2, 2024, 2:17 PM IST

নিউজ ডেস্ক, ২ এপ্ৰিল:অৰুণাচল প্ৰদেশৰ স্থানৰ নাম সলনি কৰাৰ বাবে চীনে কৰা প্ৰচেষ্টাক মঙলবাৰে দৃঢ়তাৰে নাকচ কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ৷ বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে কয় যে "আৱিষ্কৃত নাম" নিৰ্ধাৰণ কৰিলে এইটো বাস্তৱিকতা সলনি নহয় যে এই ৰাজ্যখন ভাৰতৰ এক অবিচ্ছেদ্য অংশ হয়, আছিল আৰু সদায় থাকিব ।

অৰুণাচল প্ৰদেশৰ ওপৰত নিজৰ দাবী পুনৰ প্ৰতিপন্ন কৰিবলৈ চীনে প্ৰচেষ্টা অব্যাহত ৰখাৰ মাজতেই বেইজিঙে ভাৰতৰ ৰাজ্যখনৰ বিভিন্ন স্থানৰ ৩০টা নতুন নামৰ চতুৰ্থ তালিকা প্ৰকাশ কৰিছে ।

এই সন্দৰ্ভত সংবাদ মাধ্যমে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালৰ উদ্ধৃতি দি এক বিবৃতি প্ৰকাশ কৰি কয় যে, "চীনে ভাৰতৰ ৰাজ্য অৰুণাচল প্ৰদেশৰ স্থানৰ নাম সলনি কৰাৰ বাবে নিজৰ মূৰ্খ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।" আমি এনে প্ৰচেষ্টাক তীব্ৰভাৱে নাকচ কৰো । এটা আৱিস্কৃত নাম দিলেই এইটো বাস্তৱিকতা সলনি নহয় যে, এই ৰাজ্যখন ভাৰতৰ এক অবিচ্ছেদ্য অংশ হয়, আছিল আৰু সদায় থাকিব ।

ভাৰতে ২৮ মাৰ্চতো কৈছিল যে, চীনে যিমানেই নিজৰ “ভিত্তিহীন দাবী” পুনৰাবৃত্তি নকৰক কিয়, অৰুণাচল প্ৰদেশ “ইয়াৰ অবিচ্ছেদ্য অংশ আছিল, আছে আৰু সদায় থাকিব” ভাৰতে এই স্থিতি সলনি নকৰে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে সাপ্তাহিক সংবাদমেলত অৰুণাচল প্ৰদেশৰ ওপৰত চীনে নিজৰ অধিকাৰ পুনৰ প্ৰতিপন্ন কৰা বুলি সোধা প্ৰশ্নৰ উত্তৰত এই কথা ব্যক্ত কৰে । চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ লিন জিয়ানে চীনৰ এই দাবী পুনৰবাৰ উল্লেখ কৰাৰ পিচতে তেওঁৰ এই মন্তব্য কৰে ।

লগতে পঢ়ক:আকৌ অৰুণাচল প্ৰদেশ : কিয় চীনে আন দেশৰ ঠাইৰ নতুন নাম উদ্ভাৱন কৰি থাকে ? - INDIA CHINA CONFLICT

Last Updated : Apr 2, 2024, 2:17 PM IST

ABOUT THE AUTHOR

...view details