নিউজ ডেস্ক, ২৭ জানুৱাৰী :বিৰোধী মৰ্চাক উৎসাহিত কৰাৰ পৰিকল্পনাৰে যি ইণ্ডিয়া ব্লক গঠন হৈছিল আৰু যাৰ ফলত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ব্ৰেণ্ড মূল্য বৃদ্ধি পাইছিল, কিন্তু শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ সাম্প্ৰতিক সময়ত সেয়া বিফল হোৱা দেখা গৈছে । পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পশ্চিমবংগত কংগ্ৰেছৰ সৈতে সম্পৰ্ক ছিন্ন কৰিছে আৰু এতিয়া বিহাৰৰ মুখ্যমন্তৰী নীতিশ কুমাৰেও পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দৌৰিবলৈ সাজু হৈছে ।
কিন্তু যিসময়ত মোদীৰ নেতৃত্বত বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক প্ৰচাৰ চলাবলগা আছিল, সেই সময়তে এই পথত গতিৰোধক আহি পৰিছে আৰু দৃঢ়তাৰে আৰম্ভ হোৱা দৌৰত বাধাৰ সৃষ্টি কৰা যেন অনুভৱ হৈছে । কিন্তু এইখিনিতে প্ৰশ্ন উত্থাপন হৈছে, কংগ্ৰেছৰ তৰফৰ পৰা অত্যধিক জেদ ভাবে ইয়াত হেঙাৰৰ সৃষ্টি কৰিছে নেকি ?
এইটো অস্বীকাৰ কৰিব নোৱাৰি যে কংগ্ৰেছ নেতাসকলৰ পৰা নমনীয়তাৰ অভাৱ স্পষ্ট আৰু এই সন্দৰ্ভত অস্কাৰ বিজয়ী বঙালী চলচ্চিত্ৰ নিৰ্মাতা সত্যজিৎ ৰায়ৰ ছবি 'জলশাঘৰ'ৰ কথা স্মৰণ হৈছে ।