অসম

assam

ETV Bharat / bharat

যোৱা ১০ বছৰত দেশত বৃহৎ পৰিসৰত দৰিদ্ৰতা নিৰ্মূল হৈছে: ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু

President Droupadi Murmu’s first Presidential address:সংসদত উপস্থিত হোৱাৰ পিছতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক উপ-সভাপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলাকে ধৰি বিশিষ্ট ব্যক্তিসকলে আদৰণি জনায় । মূৰ্মুৱে ভাষণত দ্ৰুতগতিত বৃদ্ধি পোৱা ভাৰতৰ অৰ্থনীতি আৰু চন্দ্ৰৰ সফল দক্ষিণ মেৰু অভিযানৰ দৰে কৃতিত্বৰ উপৰিও আন কিছুমান গুৰুত্বপূৰ্ণ অগ্ৰগতিক তালিকাভুক্ত কৰে ।

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 2:30 PM IST

Murmu
Murmu

নেশ্যনেল ডেস্ক, 31 জানুৱাৰী:সংসদৰ বাজেট অধিৱেশনৰ পূর্বে বুধবাৰে ৰাজ্যসভা আৰু লোকসভাৰ সদস্যসকলৰ যুটীয়া বৈঠকত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে প্ৰদান কৰা ৰাষ্ট্ৰপতি ভাষণত কেন্দ্ৰই উন্মোচন কৰা বিভিন্ন ‘জনকেন্দ্ৰিক’ আঁচনি সন্দৰ্ভত আলোকপাত কৰি কয় যে দেশৰ উন্নয়নৰ ক্ষেত্ৰৰ এই কৃতিত্বসমূহে এক নতুন যুগৰ সূচনা কৰিছে ।

মূৰ্মুৱে কয়, "নতুন সংসদ ভৱনত এয়া মোৰ প্ৰথম ভাষণ । অমৃত কালৰ আৰম্ভণিতে এই ভৱনটো নিৰ্মাণ কৰা হৈছে । ইয়াত 'এক ভাৰত,শ্ৰেষ্ঠ ভাৰত'ৰ সুগন্ধি আছে ৷ সংসদীয় পৰম্পৰা অনুসৰি ইয়াত গণতান্ত্ৰিক আৰু সন্মান জনোৱাৰ সংকল্প আছে । ইয়াৰ উপৰিও একবিংশ শতিকাৰ নতুন ভাৰতৰ নতুন পৰম্পৰা গঢ়ি তোলাৰো ইয়াৰ সংকল্প আছে । মই নিশ্চিত যে এই নতুন ভৱনত নীতি সন্দৰ্ভত অৰ্থপূৰ্ণ আলোচনা হ’ব ৷" ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰতিৰক্ষা উৎপাদনে এক লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰা সম্পৰ্কত প্ৰশংসা কৰে ।

ৰাষ্ট্ৰপতিগৰাকীয়ে দেশৰ জনসাধাৰণে দশক দশক ধৰি অপেক্ষা কৰি থকা ৰাম মন্দিৰ সম্পৰ্কত কয়, "ৰাম মন্দিৰ নিৰ্মাণৰ বাবে যুগ যুগ ধৰি অপেক্ষা কৰা হৈছিল । আজি ই বাস্তৱত পৰিণত হৈছে ৷ জম্মু আৰু কাশ্মীৰৰ পৰা 370 নং অনুচ্ছেদ বাতিল কৰাটো এটা ঐতিহাসিক সিদ্ধান্ত ।"

ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে আৰু কয়, "মোৰ চৰকাৰে বিশ্বাস কৰে যে উন্নত ভাৰতৰ এই ভৱনটো চাৰিটা শক্তিশালী স্তম্ভৰ ওপৰত থিয় দিব ৷ যুৱ শক্তি, নাৰী শক্তি, কৃষক আৰু দৰিদ্ৰ । বিগত বছৰবোৰত বিশ্বই দুখন বৃহৎ যুদ্ধৰ লগতে কৰ‘নাৰ দৰে মহামাৰীৰ সাক্ষী হৈছিল । এনে বিশ্ব সংকটৰ মাজতো মোৰ চৰকাৰে দেশত মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত ৰাখিলে আৰু সাধাৰণ ভাৰতীয়ৰ ওপৰত বোজা বৃদ্ধি হ'বলৈ নিদিলে ৷"

অৰ্থনৈতিক, সামাজিক আৰু বৈজ্ঞানিক খণ্ডত দেশখনে লাভ কৰা অগ্ৰগতিৰ কথা উল্লেখ কৰি মূৰ্মুৱে কয়, "যোৱা বছৰটো ভাৰতৰ বাবে সাফল্যৰে ভৰপূৰ আছিল । বহু সফলতা লাভ কৰা ভাৰত দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হৈছিল । ভাৰত চন্দ্ৰৰ দক্ষিণ মেৰুত উপনীত হোৱা প্ৰথম ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছিল । ভাৰতে আয়োজন কৰা সফল G-20 সন্মিলনে ভাৰতৰ ভূমিকাক শক্তিশালী কৰি তুলিছিল । এছিয়ান গেমছত ভাৰতে 100 ৰো অধিক পদক লাভ কৰে ।"

ৰাষ্ট্ৰপতি মূৰ্মুৱে আৰু কয়, "আজি আমি যিবোৰ সাফল্য দেখিবলৈ পাইছো, সেইবোৰ হৈছে যোৱা ১০ বছৰত চলোৱা প্ৰচেষ্টাৰ ফল । আমি সৰুৰে পৰাই 'গৰিবী হাটাও'ৰ শ্লোগান শুনিছিলো । আজি আমাৰ জীৱনত প্ৰথমবাৰৰ বাবে বৃহৎ পৰিসৰত দৰিদ্ৰতাৰ উপশম হোৱা দেখিবলৈ পাইছো ।"

মূৰ্মুৱে সংসদত উপস্থিত হোৱাৰ পাছত উপ-সভাপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলাকে ধৰি বিশিষ্ট ব্যক্তিসকলে তেওঁক আদৰণি জনায় ।

লগতে পঢ়ক:ভাৰতৰ সভ্যতাবাদী ঐতিহ্যৰ পুনৰ আৱিষ্কাৰৰ মাইলৰ খুঁটি ৰাম মন্দিৰ: ৰাষ্ট্ৰপতি

ABOUT THE AUTHOR

...view details