অসম

assam

বায়ু সেনাৰ কনভয় আক্ৰমণ: পুঞ্চত সন্ত্ৰাসবাদীৰ সন্ধান, সোধা-পোছাৰ বাবে কেইবাজনো লোকক আটক - Air Force convoy attack

By PTI

Published : May 5, 2024, 8:39 PM IST

SEARCH OPERATION FOR TERRORISTS : জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত ভাৰতীয় বায়ুসেনাৰ কনভয় আক্ৰমণৰ আঁৰৰ সন্ত্ৰাসবাদীৰ সন্ধানত ব্যাপক অভিযান আৰম্ভ হৈছে ৷ কেইবাজনো লোকক সোধা-পোছাৰ বাবে আটক কৰা হৈছে । আক্রমণকাৰীয়ে এখন হাবিলৈ পলায়ন কৰা বুলি সন্দেহ কৰা হৈছে ৷

AIR FORCE CONVOY ATTACK
পুঞ্চত সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান অব্যাহত (ETV BHARAT ENGLISH DESK)

নিউজ ডেস্ক, 5 মে’ : জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত ভাৰতীয় বায়ুসেনাৰ কনভয় আক্ৰমণৰ আঁৰৰ সন্ত্ৰাসবাদীৰ ব্যাপক অনুসন্ধান দ্বিতীয় দিনত প্ৰৱেশ কৰাৰ সময়তে দেওবাৰে কেইবাজনো লোকক সোধা-পোছাৰ বাবে আটক কৰি ৰখা হৈছে বুলি সূত্ৰত প্ৰকাশ পাইছে ৷

জম্মুৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান আনন্দ জৈন আৰু সেনা আৰু চোৰাংচোৱা সংস্থাৰ জ্যেষ্ঠ বিষয়াসকলে সুৰণকোটে অঞ্চলৰ এম্বুছ স্থান পৰিদৰ্শন কৰে ৷ সেনাই হেলিকপ্টাৰ ব্যৱহাৰ কৰি আকাশৰ পৰাও চোৰাংচোৱাগিৰিও চলাইছিল বুলি তেওঁলোকে জানিবলৈ দিয়ে ৷

শনিবাৰে সন্ধিয়া শ্বাহচিতাৰৰ সমীপত সংঘটিত হোৱা এই আক্ৰমণত 5 বায়ু সেনাৰ জোৱান আহত হয় আৰু তাৰে এজনে পিচত সামৰিক চিকিৎসালয়ত মৃত্যুক সাৱটি লয় ৷ ইফালে সন্ত্ৰাসবাদীক নিস্ক্ৰিয় কৰাৰ বাবে শ্বাহচিতাৰ, গুৰছাই, ছানাই, শ্বীন্দৰা টপকে ধৰি বহু অঞ্চলত সেনা আৰু আৰক্ষীৰ সু-সমন্বিত যৌথ অভিযান চলি থকাৰ কথা উল্লেখ কৰে বিষয়াসকলে ৷

আক্ৰমণৰ পিচতে আক্ৰমণকাৰীয়ে অৰণ্যলৈ পলায়ন কৰা বুলি জানিব পৰা গৈছে ৷ বিষয়াসকলে লগতে কয় যে এ কে এছাল্ট ৰাইফলৰ উপৰিও সন্ত্ৰাসবাদীয়ে আমেৰিকাত নিৰ্মিত এম 4 কাৰ্বাইন আৰু ষ্টীলৰ গুলী ব্যৱহাৰ কৰি সৰ্বাধিক লোকৰ ক্ষতিসাধন কৰে ৷

মৃত জোৱানজনক কৰ্পৰেল বিকি পাহাদে বুলি চিনাক্ত কৰি বায়ু সেনাই তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ৷ "CAS (Chief of Air Staff) এয়াৰ চীফ মাৰ্শাল আৰু ভাৰতীয় বায়ুসেনাৰ সকলো কৰ্মীয়ে দেশৰ সেৱাত পুঞ্চ খণ্ডত সৰ্বোচ্চ ত্যাগ কৰা সাহসী কৰ্পৰেল বিকি পাহাদেক প্ৰণাম জনাইছো ৷ শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি আমাৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছো ৷ পৰিয়াল এই দুখৰ সময়ত আমি আপোনাৰ কাষত দৃঢ়তাৰে থিয় দিছো ৷" বায়ু সেনাই এক্স'ত এইদৰে কয় ৷

বিষয়াসকলে জনোৱা মতে, সেনাবাহিনীৰ পেৰা কমাণ্ডোৰ দলকো এই অনুসন্ধান অভিযানত সেৱাত নিয়োজিত কৰা হৈছে ৷ সন্ত্ৰাসবাদীৰ সৈতে এতিয়ালৈকে কোনো “যোগাযোগ” হোৱা নাই বুলি উল্লেখ কৰি তেওঁলোকে কয় যে চলিত বৰ্ষত জম্মু অঞ্চলত প্ৰথমটো বৃহৎ কাণ্ড সংঘটিত হোৱা এই আক্ৰমণৰ সৈতে জড়িত কেইবাজনো লোকক জেৰাৰ বাবে আটক কৰা হৈছে ৷

সীমান্তৱৰ্তী জিলা পুঞ্চ, লগতে ওচৰৰ ৰাজৌৰী, যোৱা দুবছৰত বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণৰ সাক্ষী হৈছে ৷ অঞ্চলটো 2003 ৰ পৰা 2021 চনৰ ভিতৰত শান্তিপূৰ্ণ আছিল ৷

লগতে পঢ়ক :সন্ত্ৰাসবাদীৰ আক্ৰমণত বায়ু সেনা জোৱানৰ মৃত্যু, আহত 4 - Terrorist Attack In Poonch

ABOUT THE AUTHOR

...view details