নিউজ ডেস্ক, ১৪ জুন :পতি-পত্নীৰ সম্পৰ্ক এক পৱিত্ৰ সম্পৰ্ক । আনহাতে, অগ্নিক সাক্ষী কৰি বিবাহৰ সময়ত পতি-পত্নীয়ে সাত জনমৰ বাবে ইজনে সিজনক সমৰ্থন কৰাৰ প্ৰতিজ্ঞা কৰে । কিন্তু তেনে এক পৱিত্ৰ সম্পৰ্কৰ পিচতো এটি দম্পতীয়ে ইজনে সিজনক হত্যা কৰে । এই ঘটনাটো সংঘটিত হৈছে বিহাৰৰ সীতামাঢ়ী জিলাৰ বোখৰা আৰক্ষী থানাৰ অধীনৰ বাজিতপুৰ ভাউৰ পঞ্চায়ত এলেকাত । ঘটনাৰ বিৱৰণী অনুসৰি, স্বামী-স্ত্ৰী উভয়ে শুকুৰবাৰে ইজনে সিজনক হত্যা কৰে ।
স্থানীয় লোকে জনোৱা অনুসৰি, ঘটনাটোৰ পিচৰে পৰা সমগ্ৰ অঞ্চলটোত আতংকৰ পৰিৱেশে বিৰাজ কৰিছে । স্থানীয় সূত্ৰ মতে, পতি-পত্নীৰ মাজত প্ৰায়ে কাজিয়া হৈছিল । এই কাজিয়া গৈ প্ৰাণহানিৰ পৰিণামৰ পৰ্যায় পায়গৈ । কাজিয়া চৰম সীমা পোৱাত পতি-পত্নী দুয়োৱে দুয়োকে হত্যা কৰে ।
জানিব পৰা মতে, প্ৰথম স্বামীয়ে তেওঁৰ পত্নী চন্দ্ৰকলা দেৱীৰ ডিঙিত চোকা অস্ত্ৰৰে আঘাত কৰে । তাৰ পিচত পত্নীয়েও তেওঁৰ স্বামী মেনেজাৰ ৰয়ৰ পেটত এখন ছুৰী ভৰাই দিয়ে । ইয়াৰ পিচত স্বামীৰ অন্ত্ৰ বাহিৰলৈ ওলাই আহে । ইতিমধ্যে পত্নীৰ ঘটনাস্থলীত মৃত্যু হয় ।
"মোৰ ছোৱালীৰ দুটা সন্তান আছে । আগৰে পৰা পতি-পত্নী দুয়োৰে মাজত কাজিয়া হৈ আছিল । এই কাজিয়াৰ বাবে পঞ্চায়তো বহুওৱা হৈছিল । ছোৱালীজনীৰ মৃত্যুৰ খবৰ তেওঁৰ মৃতদেহ পৰি থকা দেখি কোনোবাই দিয়ে ।" - মৃত মহিলাগৰাকীৰ মাতৃয়ে কয় ।