অসম

assam

অসমৰ দৰে ঝাৰখণ্ডৰ পৰাও খেদি পঠিওৱা হ’ব অনুপ্ৰৱেশকাৰীক: হিমন্ত বিশ্ব শৰ্মা - CM Himanta Biswa Sarma on NRC

By ETV Bharat Assamese Team

Published : 6 hours ago

Himanta on NRC and paper leak in Jharkhand: ঝাৰখণ্ডত কৰা হ’ব এন আৰ চি ৷ এন আৰ চিত নাম নথকাসকলক আইনমতে বাংলাদেশলৈ খেদি পঠোৱা হ’ব ৷ ঝাৰখণ্ডৰ দেওঘৰত শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনুপ্ৰৱেশকাৰী সন্দৰ্ভত উল্লেখ কৰে এই কথা ।

Himanta on NRC and paper leak in Jharkhan
ঝাৰখণ্ডত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat)

নেশ্যনেল ডেস্ক, ২১ ছেপ্টেম্বৰ:ঝাৰখণ্ডত বিধানসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে সকলো ৰাজনৈতিক দল ৷ ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে বিজেপিয়ে উঠি-পৰি লাগিছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ সহ-প্ৰভাৰী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ বিভিন্ন বিধানসভা সমষ্টি ভ্ৰমণ কৰি আছে । শুকুৰবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জৰমুণ্ডী বিধানসভাৰ সোণাৰায়থাদি ব্লকত উপস্থিত হৈ জৰমুণ্ডীৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী হৰিনাৰায়ণ ৰায়ক সাক্ষাৎ কৰে ।

দেওঘৰত হৰিনাৰায়ণ ৰায়ৰ লগত প্ৰায় ডেৰ ঘণ্টা বৈঠকত মিলিত হোৱাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এই নিৰ্বাচনত ঝাৰখণ্ডৰ ৰাইজে হেমন্ত চৰকাৰক উৎখাত কৰিব ৷ তেওঁ কয় যে হৰিনাৰায়ণ ৰায় বিজেপিৰ এজন শক্তিশালী নেতা আৰু বিগত লোকসভা নিৰ্বাচনত নিশিকান্ত ডুবেৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ তেওঁ লগতে এন আৰ চি আৰু প্ৰশ্নকাকত ফাদিল সন্দৰ্ভতো নিজৰ মতামত প্ৰকাশ কৰে ।

ঝাৰখণ্ডত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat)

আন্তঃৰাষ্ট্ৰীয় সীমান্ত কিয় বন্ধ কৰা হোৱা নাই বুলি বিৰোধীয়ে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, আন্তঃৰাষ্ট্ৰীয় সীমান্ত বন্ধ কৰা হৈছে । কিন্তু ভাৰতত প্ৰৱেশ কৰি জোঁৱাই হোৱা অনুপ্ৰৱেশকাৰীক আইনমতে খেদি মাৰি পঠিয়াব লগা হৈছে । তেওঁ লগতে কয়, ঝাৰখণ্ডতো এন আৰ চি কৰা হ’ব আৰু এন আৰ চিত নাম নাথাকিলে বাংলাদেশলৈ প্ৰেৰণ কৰা হ’ব ।

তেওঁ লগতে কয়, যিদৰে প্ৰতিদিনে অসমৰ পৰা অনুপ্ৰৱেশকাৰী খেদি পঠিওৱা হৈছে, ঠিক তেনেদৰে ঝাৰখণ্ডৰ সন্থল পৰগনাৰ পৰা বাংলাদেশী অনুপ্ৰৱেশকাৰীক খেদি পঠিওৱাটো প্ৰয়োজনীয় হৈ পৰিছে ৷ যদি ঝাৰখণ্ডত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন হয়, তেন্তে আগন্তুক সময়ত এটা-এটাকৈ অনুপ্ৰৱেশকাৰীক খেদি পঠোৱা হ’ব ।

ঝাৰখণ্ডত অনুষ্ঠিত হোৱা চি জি এল আৰু অন্যান্য চৰকাৰী পৰীক্ষাত ৰিগিং সন্দৰ্ভত ড৹ শৰ্মাই কয়, ঝাৰখণ্ডৰ যুৱক-যুৱতীসকলৰ লগত যিয়েই অন্যায় কৰে তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব । তেওঁ কয় যে, সাহিবগঞ্জত আয়োজন কৰা কাৰ্যসূচীত গৃহমন্ত্ৰীয়ে যুৱক-যুৱতীসকলৰ জীৱনৰ সৈতে হেঁতালি খেলাসকলক আইন অনুসৰি তলমূৱাকৈ ওলোমাই দিয়া হ’ব বুলিও কৈছিল ।

তেওঁ লগতে কয়, জৰমুণ্ডী বিধানসভা সমষ্টিত বিজেপিয়ে অতি কম ভোটৰ ব্যৱধানত পৰাস্ত হৈ আহিছে আৰু কংগ্ৰেছৰ বাদল পাত্ৰলেখ এই অঞ্চলৰ পৰা বিগত দুবাৰ বিধায়ক হৈছে ৷ হৰিনাৰায়ণ ৰায়ে সদায় এই অঞ্চলত আধিপত্য বিস্তাৰ কৰি আহিছে আৰু নিৰ্দলীয় বিধায়ক দুবাৰকৈ জয়ী হৈছে । এনে পৰিস্থিতিত এইবাৰ সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা আকৰ্ষণীয় হ’ব পাৰে । শুকুৰবাৰে সন্ধিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্থানীয় সাংসদ নিশিকান্ত ডুবে আৰু হৰিনাৰায়ণ ৰায়ক সাক্ষাৎ কৰে । ইয়াৰ পিছত ৰাজনৈতিক মহলত বিভিন্ন ধৰণৰ চৰ্চা চলিছে ।

লগতে পঢ়ক:অসমত আলফাৰ পলিটিকেল এক্টিভিটী থাকক, মিলিটেণ্ট এক্টিভিটী থাকিব নালাগে : মুখ্যমন্ত্রী - Himanta Biswa Sarma

উচ্ছেদ অভিযানৰ ক্ষেত্রত বিৰোধীৰ বিৰোধিতা কিয় নামানে মুখ্যমন্ত্রীয়ে ? - Tribal Belt and Block Law

মুখ্যমন্ত্রীয়ে কোৱাৰ দৰে কংগ্ৰেছ দল খিলঞ্জীয়া বিৰোধী নহয়: উদাহৰণসহ প্ৰত্যুত্তৰ বিৰোধী দলপতিৰ - Opposition Leader Debabrata Saikia

ABOUT THE AUTHOR

...view details