নিউজ ডেস্ক, ২৪ মে' :গুজৰাটৰ চুৰাট চহৰত বিগত ২৪ ঘণ্টাত গ্ৰীষ্মপ্ৰৱাহে ১১ জন লোকৰ প্ৰাণ কাঢ়িছে । আনহাতে, প্ৰচণ্ড গৰমৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগৰ অতিৰিক্ত সঞ্চালক ডঃ নীলম পেটেলে শুকুৰবাৰে চুৰাট ভ্ৰমণ কৰে । ডাঃ নীলম পেটেলে অসামৰিক চিকিৎসালয়, অন্য চিকিৎসালয়কে ধৰি স্বাস্থ্য বিভাগৰ চিকিৎসক আৰু বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয় ।
২৪ ঘণ্টাত ১১ জনৰ মৃত্যু : উল্লেখ্য যে বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনত ২৭ মে'লৈকে কমলা ৰঙৰ সতৰ্কতা জাৰি কৰিছে । আনহাতে, বিগত দুদিন ধৰি প্ৰচণ্ড গৰমৰ বাবে চুৰাটত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে । ইফালে কমলা সতৰ্কতাৰ বাবে হিটষ্ট্ৰোকৰ ভয়ো বৃদ্ধি পাইছে । বিগত 24 ঘণ্টাত হঠাতে মূৰ্চ্ছা যোৱা, পেশী সংকোচন আৰু শৰীৰৰ উত্তাপ বৃদ্ধিৰ ফলত মুঠ 11 জন লোকৰ মৃত্যু হৈছে ।
চুৰাটত হোৱা প্ৰচণ্ড গৰমৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগৰ অতিৰিক্ত সঞ্চালক ডঃ নীলম পেটেলে চুৰাটত চৰকাৰী চিকিৎসালয় আৰু আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় । এনে পৰিস্থিতিত কি সাৱধানতা অৱলম্বন কৰা উচিত আৰু সঠিক সময়ত মানুহে কি চিকিৎসা ল'ব লাগে সেই বিষয়েও আলোচনা কৰা হয় । তেওঁ কয় যে চাৰি-পাঁচখন জিলাত গৰমৰ প্ৰভাৱ সৰ্বাধিক । যাৰ ফলত এই ঘটনাবোৰ বৃদ্ধি পাইছে । আনহাতে, হিটষ্ট্ৰোকৰ ঘটনাও বৃদ্ধি পাইছে ।