নেশ্যনেল ডেস্ক, 29 এপ্ৰিল : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক 6 বছৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ আবেদন নাকচ কৰে দিল্লী উচ্চ ন্যায়ালয়ে ৷ ন্যায়াধীশ শচীন দত্তৰ নেতৃত্বত গঠিত বিচাৰপীঠে আৱেদন খাৰিজ কৰাৰ নিৰ্দেশ দিয়ে ৷ আদালতে কয় যে আবেদনকাৰীয়ে আদৰ্শ আচৰণ বিধি উলংঘা কৰা হৈছে বুলি ধৰি লৈছে ৷ কেৱল আৱেদনকাৰীৰ অভিযোগৰ ওপৰত আদালতে নিৰ্বাচন আয়োগক নিৰ্দেশনা দিব নোৱাৰে ৷ শুনানিৰ সময়ত নিৰ্বাচন আয়োগে আবেদনকাৰীৰ অভিযোগ বিবেচনা কৰি থকা বুলি জানিবলৈ দিয়ে ৷
আবেদনখনত প্ৰধানমন্ত্ৰীগৰাকীক ছবছৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী উত্থাপন কৰা হৈছিল ৷ এই আৱেদন দাখিল কৰিছিল অধিবক্তা আনন্দ এছ জোন্ধলেই ৷ আৱেদনখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰা হৈছে ৷ আৱেদনখনত উল্লেখ কৰা হৈছে যে প্ৰধানমন্ত্ৰীয়ে যোৱা 9 এপ্ৰিলত উত্তৰ প্ৰদেশত দিয়া ভাষণত হিন্দু আৰু শিখ গুৰুৰ নামত বিজেপিৰ বাবে ভোট বিচাৰিছিল ৷ আবেদনখনত কোৱা হৈছে যে তেওঁৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে বিৰোধীক মুছলমানৰ সৈতে সংযোগ কৰিছিল ৷ নিৰ্বাচনত ধৰ্ম ব্যৱহাৰ কৰাটো জনপ্ৰতিনিধিত্ব আইনৰ স্পষ্ট উলংঘা ৷