নেশ্যনেল ডেস্ক, 14 জুন :উত্তৰ প্ৰদেশৰ হৰদৈত যোৱা 11 জুনৰ নিশা এটা বাসগৃহত এখন বালিভৰ্তি ট্ৰাক ওলোটা হৈ বাগৰি পৰাৰ ফলত ঘৰখনৰ ভিতৰত থকা শিশুসহসহ 8 গৰাকী লোক থিতাতে নিহয় হয় ৷ এই ঘটনাটোত ঘৰটোৰ ভিতৰত থকা শুই থকা অৱস্থাত এটা দম্পতী, তেওঁলোকৰ চাৰিটা সন্তান, এজন জোৱায়েকৰ লগতে এটি শিশুও আঘাতপ্ৰাপ্ত হৈছে ৷
এই ঘটনাৰ পিচতে ঘটনাস্থলীত জিলা আয়ুক্ত উপস্থিত হৈ সমগ্ৰ পৰিৱেশ পৰ্যবেক্ষণ কৰে ৷ তাৰ পিচতে তেওঁ উপ জিলা আয়ুক্তগৰাকীক এই পৰিয়ালটোৱে চৰকাৰী আঁচনিৰ অধীনত কিয় ঘৰ লাভ কৰা নাছিল বুলি প্ৰশ্ন কৰি জাঙুৰ খাই উঠে ৷ আয়ুক্তগৰাকীয়ে উপ আয়ুক্তগৰাকীক তীব্ৰ ভাষাৰে ভৰ্ৎসনা কৰে। লগতে, এক এপ আয়ুক্তগৰাকীৰ পৰা কাৰণ দৰ্শাই এক লিখিত উত্তৰ বিচৰা হৈছে ।
চকু মুদা কুলিৰ ভাও জনপ্ৰতিনিধিৰ :যদি পৌৰ নিগমৰ বিষয়াৰ লগতে আন বিষয়ববীয়া আৰু জন প্ৰতিনিধিসকলে এই পৰিয়ালটোৰ অসুবিধাসমূহ শুনিলে হয় তেনেহ’লে এই পৰিয়ালটোৱে থাকিবলৈ ঘৰ এখন পালে হয় ৷ আনকি আৱাস আঁচনিৰ সুবিধা প্ৰদান কৰা জনপ্ৰতিনিধিসকলেও এই পৰিয়ালটোৰ ওচৰলৈ নাহিলে ৷