ETV Bharat / bharat

আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱে'ত ভয়ানক দুৰ্ঘটনা; বাছ-ট্ৰাকৰ সংঘৰ্ষত হতাহত ২০ - LUCKNOW EXPRESSWAY ACCIDENT

লক্ষ্ণৌৰ পৰিয়ালটোৱে মুণ্ডন ৰীতি আৰু মথুৰা দৰ্শন কৰি বৃন্দাবনৰ পৰা উভতি আহি আছিল ।

Lucknow Expressway accident
আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱে'ত ভয়ানক দুৰ্ঘটনা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 9, 2024, 1:23 PM IST

ফিৰোজাবাদ : শুকুৰবাৰে নিশা আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱেত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা । এই দুৰ্ঘটনাত পাঁচজন লোক নিহত হয় । আনহাতে, আহত হয় আন ১৫ জন লোক । তেওঁলোকক শিকোহাবাদৰ যুটীয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । দুৰ্ঘটনাটোত পতিত লোকসকল লক্ষ্ণৌৰ বাসিন্দা । তেওঁলোকে চাৰিবছৰীয়া পুত্ৰৰ মুণ্ডন ৰীতি সম্পন্ন কৰি মথুৰাৰ পৰা উভতি আহিছিল । আদবাটতে বাছখনৰ এখন ট্ৰলীৰ সৈতে খুন্দা লাগে ।

ফিৰোজাবাদ জিলাৰ সীমাৰ নাছিৰপুৰ আৰক্ষী থানা অঞ্চলত আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱেত এই দুৰ্ঘটনাটো সংঘটিত হয় । লক্ষ্ণৌৰ মহুদ্দিনপুৰৰ বাসিন্দা সন্দীপ নামৰ ব্যক্তিজনৰ পৰিয়াল আৰু আত্মীয়ই তেওঁৰ ৪ বছৰীয়া পুত্ৰ সিদ্ধাৰ্থৰ মুণ্ডন ৰীতি আৰু বৃন্দাবন দৰ্শন কৰিবলৈ এখন ব্যক্তিগত বাছেৰে গৈছিল । তেওঁলোকে মাজনিশা উভতি আহিছিল ।

ফিৰোজাবাদ জিলাৰ সীমাত তেওঁলোকৰ বাছখনে এক্সপ্ৰেছৱেত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মাৰে । দুৰ্ঘটনাটো যথেষ্ট ভয়ংকৰ আছিল । দুৰ্ঘটনাত পতিত লোকসকলৰ চিঞৰ-বাখৰ কোনোবাই ঘটনাটোৰ বিষয়ে আৰক্ষী নিয়ন্ত্ৰণ কক্ষক অৱগত কৰে ।

তথ্য লাভ কৰাৰ পিচত উদ্ধাৰকাৰী দল আৰু স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু বাছখনত আবদ্ধ লোকসকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে শিকোহাবাদৰ যুটীয়া চিকিৎসালয়লৈ প্ৰেৰণ কৰে । তাত চিকিৎসকে ৫ জন লোকক মৃত ঘোষণা কৰে । আনসকল বৰ্তমান চিকিৎসাধীন হৈ আছে ।

অতিৰিক্ত আৰক্ষী অধীক্ষক (দেহাট) অখিলেশ ভদোৰিয়াই কয়, "দুৰ্ঘটনাটোত ৫ জন লোকৰ মৃত্যু হৈছে । তেওঁলোক সকলোৱে বাছেৰে মথুৰাৰ পৰা উভতি আহি আছিল । বাছখনে এখন ৰখাই থোৱা ট্ৰাকত খুন্দা মাৰে । এই ক্ষেত্ৰত বাছ চালকজনৰ অসচেতনতা প্ৰকাশ পাইছে । দুৰ্ঘটনাটোৰ কাৰণ হিচাপে চালকজনৰ টোপনি যোৱা বুলি কোৱা হৈছে । তিনিটা মৃতদেহ চিনাক্ত কৰিব পৰা হোৱা নাই ।"

লগতে পঢ়ক :হাওৰাৰ ওচৰত ছেকেন্দ্ৰাবাদ-শালিমাৰ ছুপাৰফাষ্ট এক্সপ্ৰেছৰ 3 টা দবা লাইনচ্যুত
লগতে পঢ়ক :মণিপুৰতকৈও অসুৰক্ষিত ঝাৰখণ্ডৰ জনজাতীয় লোক : হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.