নতুন দিল্লী :দিল্লীত প্ৰদূষণ চৰম সীমাত উপনীত হৈছে । যাৰ বাবে দিল্লীত বায়ুৰ গুণমান সূচকৰ যথেষ্ট অৱনতি ঘটিছে । আনহাতে, বায়ুৰ গুণমান সূচক (AQI) গুৰুতৰ শ্ৰেণীত উপনীত হোৱাৰ বাবে বায়ু গুণমান ব্যৱস্থাপনা আয়োগে (Commission for Air Quality Management, CAQM) প্ৰদূষণবিৰোধী আঁচনি জি আৰ এ পিৰ তৃতীয় পৰ্যায়ৰ ঘোষণা কৰিছে । জি আৰ এ পিৰ তৃতীয় পৰ্যায়ত অত্যাৱশ্যকীয় চৰকাৰী প্ৰকল্প, খনন আৰু শিল ভঙাৰ বাহিৰে নিৰ্মাণ আৰু অন্য ধ্বংসাত্মক কাম সম্পূৰ্ণৰূপে বন্ধ কৰিছে । লগতে দিল্লী আৰু ইয়াৰ আশে পাশে থকা অঞ্চলত বি এছ-3 পেট্ৰ'ল আৰু বি এছ-4 ডিজেল বাহনৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে ।
ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ (এন চি আৰ) বাবে গ্ৰেডেড ৰেচপন্স একচন প্লেন (Graded Response Action Plan, GRAP) দিল্লীত প্ৰতিকূল বায়ুৰ গুণমান চাৰিটা পৃথক পৰ্যায়ৰ অধীনত শ্ৰেণীবদ্ধ কৰা হৈছে : প্ৰথম পৰ্যায়- 'শোচনীয়' (এ কিউ আই 201-300); দ্বিতীয় পৰ্যায়- 'অতি শোচনীয়' (এ কিউ আই 301-400); তৃতীয় পৰ্যায়- 'গুৰুতৰ' (এ কিউ আই 401-450); আৰু চতুৰ্থ পৰ্যায়-- 'অতি গুৰুতৰ' (এ কিউ আই >450) । চি এ কিউ এম উপ-সমিতিয়ে 14 নৱেম্বৰত এক জৰুৰী পৰ্যালোচনা বৈঠকৰ পিছত উল্লেখ কৰে যে 13 নৱেম্বৰৰ পৰা দিল্লীৰ এ কিউ আই নিৰন্তৰ 'গুৰুতৰ' পৰিসৰত আছে । পূৰ্বানুমান অনুসৰি ই অনাগত দিনবোৰত 'অতি শোচনীয়' শ্ৰেণীৰ উচ্চতম সীমাত থাকিব পাৰে ।
"উপ-সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰে যে ৰাষ্ট্ৰীয় ৰাজধানীত (এন চি আৰ) 25 নৱেম্বৰৰ পুৱা 8 বজাৰ পৰা এন চি আৰৰ সংশ্লিষ্ট সকলো সংস্থাই আন্তৰিকতাৰে জি আৰ এ পি-'চিভিয়েৰ' বায়ুৰ গুণগত মানৰ (দিল্লী এ কিউ আই) তৃতীয় পৰ্যায়ৰ অধীনত পৰিকল্পনা কৰা সকলো পদক্ষেপ সম্পূৰ্ণ আন্তৰিকতাৰে ৰূপায়ণ কৰিব ।" চি এ কিউ এমৰ নিৰ্দেশত কোৱা হৈছে ।
উল্লেখ্য যে 2023 চনৰ তুলনাত এই বছৰ তৃতীয় পৰ্যায়ৰ আহ্বান যথেষ্ট পলমকৈ কৰা হৈছে । যোৱা বছৰ ইয়াক 2 নৱেম্বৰত কাৰ্যকৰী কৰা হৈছিল । সমগ্ৰ এন চি আৰত কাৰ্যকৰী হোৱা এই কাৰ্য পৰিকল্পনাই ইতিমধ্যে চলি থকা প্ৰথম পৰ্যায় আৰু দ্বিতীয় পৰ্যায়ৰ পদক্ষেপবোৰৰ পৰিপূৰক হিচাপে কাম কৰিব ।