অসম

assam

ETV Bharat / bharat

হাতত ছুৰী লৈ প্ৰেমিকাই আৰক্ষীক সৈমান কৰিলে বিয়া কৰাবলৈ - GIRLFRIEND ARRIVES WITH KNIFE

প্ৰেমিক অমান্তি হ'ল প্ৰেমিকাক বিয়া কৰাবলৈ । প্ৰেমিকা ওলালহি আৰক্ষী থানা । হাতত ছুৰী লৈ ভাবুকি দি ওচৰৰ মন্দিৰতে মালা পিন্ধাই পাতিলে বিয়া ।

KOTWALI POLICE MARRIAGE
হাতত ছুৰী লৈ ভাবুকি দি আৰক্ষীক সৈমান কৰিলে বিয়া কৰাবলৈ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Dec 17, 2024, 6:03 PM IST

বিজনোৰ:প্ৰেম অন্ধ, প্ৰেম স্বাশ্বত, কিন্তু কেতিয়াবা প্ৰেম হয় ভয়ংকৰ । প্ৰতাৰিত প্ৰেমিকাৰ সিদ্ধান্ত হয় আৰু ভয়ংকৰ । তেনে এক প্ৰেম কাহিনী এই প্ৰতিবেদনত । কাহিনীৰ পটভূমি উত্তৰ প্ৰদেশৰ ধামপুৰৰ ৰেহাৰ আৰক্ষী থানা । বিবাহৰ বাবে অমান্তি হোৱা প্ৰেমিকক ছুৰী দেখুৱাই বিবাহত বহিল প্ৰেমিকা । প্ৰেমিকাৰ ৰুদ্ৰ ৰূপ দেখি হতবাক আৰক্ষী তথা প্ৰেমিক-প্ৰেমিকাৰ পৰিয়াল ।

আৰক্ষী প্ৰেমিকক পাবলৈ ক্ষোভিত হৈ পৰিল এগৰাকী প্ৰেমিকা । যেতিয়া যুৱতীগৰাকীৰ প্ৰেমিকে তেওঁক বিয়া পাতিবলৈ অস্বীকাৰ কৰে তেতিয়া তেওঁ এখন ছুৰী উলিয়াই ভাবুকি দিবলৈ আৰম্ভ কৰে । যাৰ ফলত প্ৰেমিককে ধৰি থানাৰ আৰক্ষীসকলো শংকিত হৈ পৰে । বহুত অনুৰোধ কৰাৰ পিছত, প্ৰেমিকে বিয়াখনত সন্মত হৈছিল । ইয়াৰ পিছত তেওঁলোক দুয়োজনে ওচৰতে থকা মন্দিৰৰ সন্মুখত ইজনে সিজনক মালা পিন্ধায় ।

জানিব পৰা মতে ধামপুৰৰ ৰেহাৰ আৰক্ষী থানা অঞ্চলৰ এখন গাঁৱৰ এগৰাকী যুৱতীৰ গাওঁখনৰে এজন যুৱকৰ সৈতে আছিল দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক । যুৱকজন উত্তৰ প্ৰদেশ আৰক্ষীত কৰ্মৰত । তেওঁ বুলন্দচহৰ জিলাৰ শিকাৰপুৰ আৰক্ষী চকীত কৰ্মৰত । ইয়াৰ মাজতে যুৱকজনৰ বিৰুদ্ধে এসপ্তাহ পূৰ্বে ধামপুৰ কোটৱালীত এটা অভিযোগ দাখিল কৰা হৈছিল । প্ৰেমিকে বিবাহত অমান্তি হোৱা বুলি অভিযোগ কৰি বিষয়টো সন্দৰ্ভত ব্যৱস্থা লোৱাৰ দাবী কৰিছিল যুৱতীগৰাকীয়ে ।

উক্ত অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে সোমবাৰে অভিযুক্ত আৰক্ষী জোৱানজনক ধামপুৰ কোটৱালীলৈ মাতিছিল । অভিযু্ক্ত আৰক্ষীজনৰ সৈতে তেওঁৰ পৰিয়ালৰ সদস্যসকল তথা যুৱতীগৰাকীৰ পৰিয়ালৰ সদস্যসকলো উপস্থিত হৈছিল । দুয়োজনৰ পৰিয়ালৰ সদস্যসকল বিবাহৰ বাবে সাজু নাছিল । এইক্ষেত্ৰত ৰাজী হোৱা নাছিল প্ৰেমিকো ।

থানাখনত দীৰ্ঘ সময় ধৰি দুয়োপক্ষক বুজাবলৈ চেষ্টা চলোৱা হৈছিল । কিন্তু অৱশেষত ধৈৰ্যৰ বান্ধ ছিগিল প্ৰেমিকাৰ । উত্তেজিত হৈ প্ৰেমিকাই হঠাৎ উলিয়াই ল'লে এখ ছুৰী । যদি যুৱতীগৰাকীক বিয়া নকৰে তেন্তে নিজক শেষ কৰাৰ দৰে পদক্ষেপ ল'ব বুলি ভাবুকি দিয়ে । যাৰ ফলত আৰক্ষীকে ধৰি পৰিয়ালৰ লোকসকলো হতবাক হৈ পৰে ।

পৰিস্থিতি বিষম দেখি আৰক্ষীয়ে দুয়োজনৰ পৰিয়ালক বুজোৱাৰ পিছত তেওঁলোক বিবাহৰ বাবে সাজু হয় । কোটৱালীৰ মন্দিৰৰ সন্মুখত, প্ৰেমিক আৰু প্ৰেমিকাৰ পৰিয়ালৰ উপস্থিতিত তেওঁলোক দুয়োজনে ইজনে সিজনক মালা পিন্ধাই বিবাহপাশত আৱদ্ধ হয় ।

লগতে পঢ়ক:পৰপত্নীৰে সম্পৰ্ক ! ২১ বছৰীয়া যুৱকক মৰিয়াই মৰিয়াই হত্যা - DELHI SHASTRI PARK MURDER

46 বছৰ পাছত দুৱাৰ মুকলি এটা মন্দিৰৰ; ইমান দিনে চলিছিল বেদখল - SAMBHAL KARTIKEYA MAHADEV MANDIR

ABOUT THE AUTHOR

...view details