নিউজ ডেস্ক, ৩০ ছেপ্টেম্বৰ :গুগলৰ ওপৰতে সৰ্বস্ব ভৰষা কৰি প্ৰেয়সীক হেৰুৱালে এজন যুৱকে ৷ প্ৰেয়সীৰ গুপ্তাংগৰ পৰা ৰক্তক্ষৰণ বন্ধ কৰাৰ উপায় গুগলত বিচাৰিয়েই পাৰ কৰিলে দুঘণ্টা সময় ৷ ফলত অত্যধিক ৰক্তক্ষৰণৰ ফলত হোটেলৰ কোঠাতে মৃত্যু হ’ল প্ৰেয়সীৰ ৷
সামাজিক মাধ্যমত যুৱতীগৰাকীৰ ফটো-ভিডিঅ’ দেখি প্ৰেমত পৰিল ভাৰ্গৱ নৰেন্দ্ৰভাই পেটেল নামৰ ২৬ বছৰীয়া যুৱকজন ৷ হাই-হেল্ল’ৰে আৰম্ভ হ’ল বাৰ্তালাপ ৷ লাহে-লাহে দুয়োৰে মাজত গঢ় লৈ উঠিল প্ৰেমৰ সম্পৰ্ক ৷ তেনেদৰেই ফোনতেই আগবাঢ়িল প্ৰেমালাপ ৷ এনেকৈ আৰু কিমানদিন ! দুয়ো দুয়োকে লগ কৰাৰ হাবিয়াস দিনকদিনে বৃদ্ধি পাবলৈ ধৰিলে ৷ অৱশেষত দুবছৰৰ পিচত ঠিৰাং কৰা হ’ল এটা দিন ৷ সেই দিনটো হ’ল চলিত বৰ্ষৰ 23 ছেপ্টেম্বৰ ৷
প্ৰেমাস্পদৰ প্ৰথম সাক্ষাৎ ৷ কিন্তু ক’ত হ’ল এই মিলন ? স্থান হিচাবে ঠিক কৰা হ’ল নৱচাৰীৰ হেপ্পী ষ্টে’ হোটেলৰ এটা কোঠা ৷ কেৱল বাৰ্তালাপেই নহয়, হ’ব শাৰীৰিক মিলনো ৷ হেঁপাহ অনুসৰিয়েই সোমাল হেপ্পী হোটেলৰ কোঠাত ৷ বাকীখিনি আজিৰ প্ৰজন্মৰ অধিকাংশৰ দৰেই আগবাঢ়িল ৷
কিন্তু মিলনৰ মাজতেই ঘটিল প্ৰেমিকাৰ স্বাভাৱিক ৰক্তক্ষৰণ ৷ লগেলগে ভয় বৃদ্ধি পালে দুয়োৰে ৷ অধিক ভয় হ’ল প্ৰেমিক ভাৰ্গৱৰ ৷ কি কৰিব, কি নকৰিব একো উৱাদিহ নোপোৱা হ’ল ৷ চিকিৎসকৰ ওচৰলৈ যাবলৈও লাজ-শংকা ৷ অৱশেষত আশ্ৰয় ল’লে গুগলৰ ৷ প্ৰেমিকাৰ এনে ৰক্তক্ষৰণ কিদৰে বন্ধ কৰিব পাৰি, গুগলত তাৰ উপায় বিচাৰিয়েই পাৰ কৰিলে মিনিটৰ পিচত মিনিট, ঘণ্টাৰ পিচত ঘণ্টা ৷ ইফালে বৃদ্ধি পাবলৈ ধৰিলে প্ৰেমিকাৰ শৰীৰৰ ৰক্তক্ষৰণ ৷ অত্যধিক ৰক্তক্ষৰণৰ ফলত অৱশেষ মৃত্যুক আকোঁৱালি ল’লে প্ৰেমিকাগৰাকীয়ে ৷