নেশ্যনেল ডেস্ক, 24 এপ্ৰিল : এখন বিবাহস্থলী ৷ কিন্তু বিবাহস্থলীখনতে মুহূৰ্তৰ ভিতৰতে সংঘটিত হ’ল অবাঞ্চিত এক ঘটনা ৷ যি কাৰোৰে কাম্য নাছিল ৷ কোনেও ভবা নাছিল যে এনেকুৱাও হ’ব পাৰে ৷
ঘটনাৰ স্থান উত্তৰ প্ৰদেশৰ বালিয়া ৷ জিলাখনৰ বান্সডীহ থানাৰ অন্তৰ্গত ডুমৰীত ধুমধামেৰে অনুষ্ঠিত হৈ আছিল এজন যুৱকৰ বিবাহকাৰ্য ৷ পৰিয়ালৰ লোকৰ লগতে উপস্থিত অতিথিসকলে নাচি-বাগি সাজু হৈছিল বৰযাত্ৰীৰ সৈতে কইনাঘৰলৈ যাবলৈ ৷
কিন্তু তেনে সময়তে এগৰাকী যুৱতীয়ে সংঘটিত কৰিলে কোনেও নভবা ঘটনাটো ৷ ততালিকে বিবাহস্থলীত লাগিল হুলস্থূল ৷ দৰা বাগৰি মাটিত পৰিল ৷ উপস্থিত অতিথিসকলে যুৱতীগৰাকীক ধৰি বান্ধি মাৰপিট কৰি গতাই দিয়ে আৰক্ষীক ৷
আপোনালোকে চাগৈ বহু সময়ত শুনিছে যুৱতীৰ ওপৰত এচিড আক্ৰমণৰ ঘটনা ৷ কোনো যুৱতীয়ে প্ৰেমিকৰ সৈতে বিবাহত বহিবলৈ অস্বীকাৰ কৰাই হওঁক নাইবা আন কোনো কাৰণতে হওঁক, বহু যুৱকে যুৱতীৰ ওপৰত এচিড ঢালি প্ৰতিশোধ লয় ৷ এইবাৰ পিছে দৃশ্য ব্যতিক্ৰম ৷ এগৰাকী যুৱতীয়ে খবৰ লাভ কৰিলে প্ৰেমিকৰ বিয়াৰ ৷ আন যুৱতীৰে সৈতে ঘৰ পাতিব তেওঁৰ প্ৰেমিকে ৷ শুনিলে কাৰনো হিয়া নাভাগিব ?
এই বিয়া হ’ব দিব নোৱাৰি ৷ তাকে ভাবি প্ৰেমত প্ৰতাৰিত যুৱতীগৰাকীয়ে সিদ্ধান্ত ল’লে প্ৰতিশোধ লোৱাৰ ৷ উচিত শিক্ষা দিবলৈ তেওঁ বিবাহস্থলীত উপস্থিত হৈ দৰাৰ মুখত ঢালিলে এচিড ৷ ওৰণি লৈ বিবাহস্থলীত উপস্থিত হোৱা যুৱতীগৰাকীক কোনোৱে সহজে চিনিবই নোৱাৰিলে ৷ প্ৰেমিকাৰ আক্ৰমণত দৰাৰূপী প্ৰেমিক মাটিত বাগৰি পৰে ৷