নেশ্যনেল ডেস্ক, ২৬ জানুৱাৰী :আজি গণৰাজ্য দিৱস । দেশজুৰি এই বিশেষ দিনটো উদযাপন কৰা দেখা গৈছে । এই বিশেষ দিনটোতে কেন্দ্ৰীয় চৰকাৰে টাইৱানৰ শীৰ্ষ প্ৰযুক্তি প্ৰতিষ্ঠান ফক্সকনৰ মুখ্য কাৰ্যবাহী বিষয়া ইয়ং লিউক পদ্মভূষণ সন্মানেৰে সন্মানিত কৰে । চীনলৈ এক বাৰ্তা প্ৰেৰণ কৰি ভাৰতে প্ৰথমবাৰৰ বাবে টাইৱানৰ এগৰাকী ব্যক্তিক সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান কৰে । ফক্সকন হৈছে বিশ্বৰ সৰ্ববৃহৎ ইলেক্ট্ৰনিক্স নিৰ্মাতা আৰু টাইৱানৰ বাহিৰত অৱস্থিত এক আগশাৰীৰ গোলকীয় বিজ্ঞান আৰু প্ৰযুক্তি সমাধান প্ৰদানকাৰী । চীন আৰু টাইবানৰ মাজত বিবাদ চলি থকাৰ মাজতে ভাৰতৰ এই পদক্ষেপে বিশ্বজুৰি চৰ্চাৰ সৃষ্টি কৰিছে ।
ফক্সকনৰ অফিচিয়েল ৱেবছাইট অনুসৰি, লিউ হৈছে ৪ দশকতকৈও অধিক উদ্যোগৰ অভিজ্ঞতা থকা এগৰাকী স্বীকৃত উদ্যোগী আৰু উদ্ভাৱক । এক্সৰ এটা পোষ্টত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বঁটা বিজয়ীসকলক অভিনন্দন জনাই কয় যে ভাৰতে বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ অৱদান স্বীকাৰ কৰিছে ।
শেহতীয়াভাৱে প্ৰধানমন্ত্ৰী মোদীয়ে বিদেশী বিনিয়োগকাৰীসকলক আকৰ্ষিত কৰি আহিছে আৰু চীনৰ পৰা যোগান শৃংখলা বন্ধ কৰাৰ বাবে আমেৰিকা আৰু ইয়াৰ মিত্ৰশক্তিৰ আকুল প্ৰচেষ্টাৰ মাজত ভাৰতক এছিয়াৰ পৰৱৰ্তী উৎপাদন কেন্দ্ৰ হিচাপে চিত্ৰিত কৰাৰ প্ৰয়াস কৰিছে । তেনে এক সময়তে ভাৰতে টাইৱানৰ এগৰাকী ব্যক্তি এই সন্মান প্ৰদান কৰা দেখা গৈছে ।