নিউজ ডেস্ক, ১৭ মে' :নিষিদ্ধ সংগঠন কাংলেইপাক কমিউনিষ্ট পাৰ্টীৰ (পিপ'ল ৱাৰ গ্ৰুপ) চাৰিজন উগ্ৰপন্থীক মণিপুৰত গ্ৰেপ্তাৰ । মণিপুৰৰ থৌবাল জিলাত মণিপুৰ আৰক্ষী আৰু অসম ৰাইফলছে চলোৱা এক সমন্বিত অভিযানৰ সময়ত উগ্ৰপন্থীকেইজনক গ্ৰেপ্তাৰ কৰা বুলি এজন আৰক্ষী বিষয়াই শুকুৰবাৰে কয় ।
আৰক্ষী বিষয়াজনে কয়, "উগ্ৰপন্থীৰ উপস্থিতি সম্পৰ্কে লাভ কৰা চোৰাংচোৱা তথ্যৰ ওপৰত ভিত্তি কৰি য়াইৰিপোক বজাৰ অঞ্চলত এক সমন্বিত অভিযান আৰম্ভ কৰা হৈছিল । উক্ত অভিযানতে বৃহস্পতিবাৰে উগ্ৰপন্থীকেইজনক গ্ৰেপ্তাৰ কৰা হয় ।"
বিষয়াজনে লগতে কয় যে গ্ৰেপ্তাৰ কৰা উগ্ৰপন্থীকেইটাৰ পৰা পাঁচটা মোবাইল হেণ্ডছেট, ১৫ ৰাউণ্ড সজীৱ গুলীৰে সৈতে দুটা ৯ এম এম পিষ্টল, পাঁচখন ধনদাবী পত্ৰ, ২০ টা ২০.৫৬ মিমি চাৰিটা ৭.৬২ মিমি অস্ত্ৰ জব্দ কৰা হৈছে । আনহাতে, আৰক্ষীয়ে বৃহস্পতিবাৰে ইম্ফল পশ্চিম জিলাৰ পৰা কেচিপি (টাইবাঙ্গানবা) সংগঠনটোৰ এজন সক্ৰিয় সদস্যকো আটক কৰে ।