নেশ্যনেল ডেস্ক, ২৩ ফেব্ৰুৱাৰী :মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা শিৱসেনাৰ জ্যেষ্ঠ নেতা মনোহৰ যোশী আৰু নাই ৷ শুকুৰবাৰে পুৱা ৩ বজাত শেষ নিশ্বাস ত্যাগ কৰে শিৱসেনাৰ জ্যেষ্ঠ নেতা মনোহৰ যোশীয়ে ৷ মৃত্যুৰ সময়ত জ্যেষ্ঠ নেতাগৰাকীৰ বয়স আছিল ৮৬ ৷
তথ্য অনুসৰি, ২১ ফেব্ৰুৱাৰীৰ দিনা শাৰীৰিক অসুস্থতাৰ বাবে তেওঁক ভৰ্তি কৰোৱা হৈছিল মুম্বাইৰ হিন্দুজা হাস্পতালত ৷ তেতিয়াৰ পৰাই হিন্দুজা হাস্পতাল বিশেষজ্ঞ চিকিৎসক তৎতাৱধানত আছিল জ্যেষ্ঠ নেতাগৰাকী ৷ কিন্তু শুকুৰবাৰে পুৱা হিন্দুজা হাস্পতালতে শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ নেতা মনোহৰ যোশীয়ে ৷ হৃদক্ৰিয়া বন্ধ হৈ যোৱাৰ ফলতে তেওঁৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷
সদ্য প্ৰয়াত জ্যেষ্ঠ নেতা মনোহৰ যোশী :
মহাৰাষ্ট্ৰ শিৱসেনাৰ অন্যতম জ্যেষ্ঠ নেতা আছিল মনোহৰ যোশী । তেওঁ আছিল মহাৰাষ্ট্ৰৰ প্ৰথমজন অকংগ্ৰেছী মুখ্যমন্ত্ৰী । ১৯৯৫ চনৰ পৰা ১৯৯৯ চনলৈ মনোহৰ যোশীয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । প্ৰয়াত বালাছাহেব থাকৰেৰ আটাইতকৈ বিশ্বাসযোগ্য আৰু ডাঙৰ সহায়ক হিচাপে পৰিচিত আছিল সদ্য প্ৰয়াত জ্যেষ্ঠ নেতা মনোহৰ যোশী ৷
বালাচাহেবৰ ঘনিষ্ঠ সহযোগী আছিল যোশী :