নেশ্যনেল ডেস্ক, 13 জুন :কাল কেতিয়া, কোন সময়ত আহে সেই বিষয়ে কোনোৱে অনুমান কৰিব নোৱাৰে ৷ দিনটো সকলো ঠিকেই আছিল ৷ ৰাতিৰ সাঁজ গ্ৰহণ কৰি নিদ্ৰাদেৱীৰ কোলাত আশ্ৰয় লোৱাই কাল হ’ল এটি পৰিয়ালৰ ৷ নিদ্ৰাদেৱীৰ কোলাৰ পৰা উঠিবই নোৱাৰিলে এটা পৰিয়ালে ৷
আমি ক’বলৈ লৈছো বুধবাৰে নিশা গাজিয়াবাদত সংঘটিত হোৱা ভয়াৱহ অগ্নিকাণ্ডৰ বিষয়ে ৷ জানিব পৰা মতে, বুধবাৰে নিশা গাজিয়াবাদৰ লনী সীমান্ত অঞ্চলৰ বাহতা হাজীপুৰৰ দুমহলীয়া এটা ঘৰত অগ্নিকাণ্ড সংঘটিত হয় ৷ ফলত পৰিয়ালটোৰ 5 জন সদস্য জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হয় । মৃত লোকসকলৰ ভিতৰত আছিল দুটি শিশুও ৷
ইফালে এই খবৰ বিয়পি পৰাৰ লগতে অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ এই জুয়ে ক্ৰমাৎ এক ভয়াৱহ ৰূপ লয় ৷ আনকি তলৰ মহলাৰ পৰা ওপৰৰ মহলালৈকে এই জুই বিয়পি পৰিছিল ৷ ফলত শংকিত হৈ পৰে স্থানীয় ৰাইজ ৷
উক্ত ঘটনাৰ বিষয়ে জানিব পাৰি ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনসমূহে জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় । অগ্নিনিৰ্বাপক বাহিনীৰ লোকে যেতিয়া ওপৰৰ মহলালৈ যায়, তেতিয়া তাত পাঁচজন লোক জীৱিত অৱস্থাত জ্বলি ছাই হৈ যোৱা প্ৰত্যক্ষ কৰে । ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত পৰিছে শোক ছাঁ ৷ আৰক্ষীয়ে ইতিমধ্যে এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক :তাজ এক্সপ্ৰেছৰ তিনিটা দবাত লাগিল জুই - Fire in Taj Express
- দুজন লোক চিকিৎসাধীন হৈ আছে