প্ৰয়াগৰাজ:উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ সংগমত থকা মহাকুম্ভ মেলাৰ ৬ নং ছেক্টৰত দেওবাৰে এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হয় । তম্বু নগৰ মহা কুম্ভত প্ৰায় ২০ৰ পৰা ২৫ টা তম্বুত জুই লাগে । জুইৰ ফলত বহু তম্বু জ্বলি যোৱাৰ লগতে বহু লোক জ্বলি যোৱাৰ খবৰ পোৱা গৈছে । প্ৰচণ্ড বতাহৰ বাবে জুই এটা তম্বুৰ পৰা আন এটা তম্বুলৈ বিয়পি পৰিছে ।
জানিব পৰা মতে, তম্বুত খাদ্য ৰান্ধি থাকোঁতে জুইৰ সূত্ৰপাত হয় । ইয়াৰ পিছত জুইয়ে আৰু বহুতো তম্বু আগুৰি ধৰে । অগ্নিকাণ্ডৰ সম্ভেদ লাভ কৰাৰ লগে লগে আৰক্ষী আৰু প্ৰশাসনৰ শীৰ্ষ বিষয়া ঘটনাস্থলীত উপস্থিত হয় । বহু অগ্নিনিৰ্বাপক বাহিনীৰ লোক জুই নিৰ্বাপনৰ কামত নিয়োজিত হৈ আছে । অৱশ্যে অগ্নিকাণ্ডৰ ফলত বৰ্তমানলৈ কোনো ভক্ত হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই ।
অগ্নিকাণ্ডৰ বাবে মেলা অঞ্চলত বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় । অগ্নিকাণ্ডৰ ফলত শিবিৰত ৰখা বহুকেইটা চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত জুই আৰু ভয়াবহ হৈ পৰিছে । মেলা অঞ্চলৰ এই জুই ইমানেই ভয়াৱহ যে বহু দূৰৰ পৰা দেখা যায় ।