মুজাফৰনগৰ, 26 জানুৱাৰী: উত্তৰ প্ৰদেশত সংঘটিত হ’ল এক লোকহৰ্ষক ঘটনা ৷ নিজ পিতৃয়ে হত্যা কৰিলে এটি তিনিমহীয়া সন্তানক ৷ সম্পত্তিৰ ভাগ দিব লাগিব বুলিয়েই কণমানি সন্তানটিক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে নিজ পিতৃৰ বিৰুদ্ধে ৷
শুকুৰবাৰে উত্তৰ প্ৰদেশৰ মুজাফৰনগৰ জিলাত সংঘটিত হয় লোমহৰ্ষক, অমানৱীয় ঘটনাটো ৷ ইতিমধ্যে মৃত কণমানিটিৰ পিতৃক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ মৃত কণমানিটিৰ মাতৃয়ে অভিযোগ কৰা অনুসৰি শুকুৰবাৰে পুৱা তিনিমহীয়া কণমানি ছোৱালীজনী খেলি আছিল যদিও হঠাৎ শুই পৰে ৷ বহু সময়লৈকে কণমানিটিয়ে সাৰ নোপোৱাত মাতৃয়ে তাইক জগাই দিবলৈ চেষ্টা কৰিছিল যদিও সাৰপোৱা নাছিল তিনিমহীয়া সন্তানটিয়ে । অৱশেষত কণমানিটিৰ মাতৃয়ে ভয় খাই চিকিৎসকৰ ওচৰলৈ লৈ যায় নিদ্ৰাৰত সন্তানটিক ৷ চিকিৎসালয়ত চিকিৎসকে সন্তানটিক মৃত ঘোষণা কৰে ।
ইয়াৰ পিচতে সন্তানটিৰ মাতৃৰ অভিযোগৰ ভিত্তিত মুজাফৰনগৰ আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি অভিযুক্ত পিতৃক গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীৰ সোধপোছৰ সময়ত হত্যাকাৰী পিতৃয়ে স্বীকাৰ কৰে যে তেওঁ দ্বিতীয় পত্নীৰ পৰা সন্তান বিচৰা নাছিল ৷ তদুপৰি তেওঁৰ প্ৰথমা পত্নীৰ পাঁচটা সন্তানৰ বাহিৰে আন কাকো তেওঁৰ সম্পত্তিত অংশীদাৰ হোৱাটো বিচৰা নাছিল ৷ সেয়েহে তেওঁ দ্বিতীয়া পত্নীৰ সন্তানক নৃশংসভাৱে হত্যা কৰে ।