অসম

assam

ETV Bharat / bharat

নতুন চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পূৰ্বে জম্মু-কাশ্মীৰত ৰাষ্ট্ৰপতি শাসন কিয় প্ৰত্যাহাৰ কৰিব লাগিব ?

২০১৯ চনত অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিছত এন চি-কংগ্ৰেছ মিত্ৰজোঁটে জম্মু-কাশ্মীৰত প্ৰথম নিৰ্বাচিত চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে ।

By ETV Bharat Assamese Team

Published : Oct 12, 2024, 7:24 PM IST

Omar Abdullah meets LG Manoj Sinha to stake claim to form the government
ওমৰ আব্দুল্লাৰ এলজি মনোজ সিনহাক সাক্ষাৎ (ANI)

নিউজ ডেস্ক, ১২ অক্টোবৰ: কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰত শীঘ্ৰেই ৰাষ্ট্ৰপতি শাসন প্ৰত্যাহাৰ কৰিব বুলি আশা কৰা হৈছে । কিয়নো নিয়ম অনুসৰি নৱ-নিৰ্বাচিত ওমৰ আব্দুল্লা নেতৃত্বাধীন 'ইণ্ডিয়া' ব্লকে কেন্দ্ৰীয় শাসিত অঞ্চলটোত চৰকাৰ গঠন কৰিবলৈ হ'লে ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি শাসন প্ৰত্যাহাৰ কৰিবই লাগিব । কেন্দ্ৰীয় শাসিত অঞ্চলটোত এই পদক্ষেপৰ কিয় অতিকৈ প্ৰয়োজন আৰু অঞ্চলটোৰ শাসনৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে এক ব্যাখ্যা আগবঢ়োৱা হৈছে ।

ৰাষ্ট্ৰপতি শাসন কিয় জাৰি কৰা হৈছিল ?

অনুচ্ছেদ ৩৭০ আৰু ৩৫ 'এ' বাতিল কৰা আৰু অঞ্চলটোক দুটা কেন্দ্ৰীয় শাসিত অঞ্চল - জম্মু আৰু কাশ্মীৰ আৰু লাডাখলৈ অৱনমিত কৰাৰ পিছত প্ৰথমে জম্মু আৰু কাশ্মীৰত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল । কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জম্মু আৰু কাশ্মীৰ পুনৰ্গঠন আইন, 2019ৰ ধাৰা 73 ৰ অধীনত ৰাষ্ট্ৰপতিৰ নিৰ্দেশ জাৰি কৰে । ভাৰতীয় জনতা পাৰ্টীয়ে (বিজেপি) ইয়াৰ সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পিছতেই ২০১৮ চনৰ জুনত মেহবুবা মুফতি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ পতন ঘটাত এই পদক্ষেপ গ্ৰহণ কৰা হৈছিল ।

চৰকাৰৰ পতনৰ পিছত জম্মু আৰু কাশ্মীৰক ৰাজ্যিক সংবিধানৰ ধাৰা 92 অনুসৰি ছমাহৰ বাবে 'ৰাজ্যপাল শাসন'ৰ অধীনত ৰখা হৈছিল । যেতিয়া সেই ম্যাদৰ অন্ত পৰে তেতিয়া কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰপতি শাসন জাপি দিয়ে । ফলত জম্মু আৰু কাশ্মীৰ কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণলৈ আহে আৰু বৰ্তমানলৈকে সেয়া অব্যাহত আছে ।

ৰাষ্ট্ৰপতিৰ শাসন কিয় প্ৰত্যাহাৰ কৰাৰ প্ৰয়োজন ?

ৰাষ্ট্ৰপতি শাসনৰ অধীনত জম্মু আৰু কাশ্মীৰ পুনৰ্গঠন আইনৰ কেইবাটাও ব্যৱস্থা স্থগিত কৰা হৈছিল । এই ব্যৱস্থাসমূহ বিধানসভাৰ কাৰ্যকলাপৰ সৈতে জড়িত । নতুন চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে এই ব্যৱস্থাসমূহৰ পুনৰ প্ৰৱৰ্তন কৰিবই লাগিব । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ২০১৯ চনত কৰা ঘোষণা আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিবলৈ শীঘ্ৰেই এক জাননী জাৰি কৰিব বুলি দলীয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে ।

"নিৰ্বাচিত চৰকাৰক শপত গ্ৰহণৰ অনুমতি দিবলৈ ৰাষ্ট্ৰপতি শাসনৰ ঘোষণা প্ৰত্যাহাৰ কৰাৰ প্ৰয়োজন," এক চৰকাৰী সূত্ৰই এইদৰে উল্লেখ কৰে । এই প্ৰত্যাহাৰ অবিহনে অঞ্চলটোত কাৰ্যকৰী বিধানসভা বা সম্পূৰ্ণৰূপে কাৰ্যকৰী চৰকাৰ থাকিব নোৱাৰে ।

প্ৰত্যাহাৰ প্ৰক্ৰিয়াত কি অন্তৰ্ভুক্ত হ'ব ?

জম্মু আৰু কাশ্মীৰত ৰাষ্ট্ৰপতি শাসন প্ৰত্যাহাৰৰ বাবে কেন্দ্ৰীয় কেবিনেটৰ অনুমোদনৰ প্ৰয়োজন । কেবিনেটে সন্মত হোৱাৰ পিছত ৰাষ্ট্ৰপতি মুৰ্মুৱে অঞ্চলটোত কেন্দ্ৰীয় প্ৰশাসনক আনুষ্ঠানিকভাৱে সমাপ্ত কৰাৰ বাবে প্ৰয়োজনীয় অধিসূচনা জাৰি কৰিব । ধাৰা 73-ৰ অধীনত 2019 ৰ ঘোষণা নৱগঠিত কেন্দ্ৰীয় শাসিত অঞ্চলত এক সাংবিধানিক ৰিক্ত অৱস্থা প্ৰতিহত কৰাৰ বাবে প্ৰস্তুত কৰা হৈছিল । এই ব্য়ৱস্থাত আছিল কাৰ্যকৰী বিধানসভাৰ অভাৱ । যিহেতু জম্মু আৰু কাশ্মীৰত এতিয়া নিৰ্বাচিত চৰকাৰ গঠনৰ বাবে সাজু হৈছে সেয়েহে এই কেন্দ্ৰীয় নিয়ন্ত্ৰণ প্ৰত্য়াহাৰ কৰিবই লাগিব ।

জম্মু আৰু কাশ্মীৰৰ বাবে পৰৱৰ্তী কি ?

ৰাষ্ট্ৰপতি শাসন প্ৰত্যাহাৰ জম্মু আৰু কাশ্মীৰত গণতান্ত্ৰিক শাসন পুনৰ প্ৰৱৰ্তনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচনা কৰা হৈছে । কেন্দ্ৰৰ পৰা প্ৰায় পাঁচ বছৰৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণৰ পিছত এই অঞ্চলটোত ওমৰ আব্দুল্লাৰ নেতৃত্বত এখন কাৰ্যকৰী বিধানসভা আৰু নিৰ্বাচিত চৰকাৰ গঠনৰ পথত আগবাঢ়িছে ৷ শুকুৰবাৰে নেচনেল কনফাৰেন্স বিধানসভাৰ নেতা ওমৰ আব্দুল্লাই জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ বাবে আনুষ্ঠানিকভাৱে দাবী উত্থাপন কৰে ৷ কংগ্ৰেছ আৰু নিৰ্দলীয় বিধায়কসকলৰ সমৰ্থনপত্ৰও তেওঁ দাখিল কৰে ।

লগতে পঢ়ক:আমি আশা কৰিম প্ৰধানমন্ত্ৰীয়ে জম্মু-কাশ্মীৰক ৰাজ্যৰ মৰ্যাদা ওভতাই দি সন্মানীয় কাম কৰিব : ওমৰ আব্দুল্লা

হাৰিয়ানাত বিজেপিৰ হেট্ৰিক: জম্মু-কাশ্মীৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা

ABOUT THE AUTHOR

...view details