অসম

assam

ETV Bharat / bharat

মণিপুৰৰ হিংসা : ন্যায়াধীশ গীতা মিট্টাল সমিতিৰ কাৰ্যকাল ৬ মাহলৈ বৃদ্ধি - Ethnic Violence in Manipur - ETHNIC VIOLENCE IN MANIPUR

Manipur violence: মণিপুৰত ভুক্তভোগীসকলৰ সাহায্য আৰু পুনৰ্বাসনৰ কাম চোৱাচিতা কৰিবলৈ ন্যায়াধীশ গীতা মিট্টালৰ নেতৃত্বত গঠন কৰা সমিতিৰ কাৰ্যকাল বৃদ্ধি কৰিছে উচ্চতম ন্যায়ালয়ে ৷ ২০২৩ চনৰ মে’ মাহত আৰম্ভ হোৱা মণিপুৰৰ গোষ্ঠীগত সংৰ্ঘষত ২০০ৰো অধিক লোক নিহত হোৱাৰ লগতে শতাধিক লোক আহত হৈছে ।

Manipur violence
ন্যায়াধীশ গীতা মিট্টলৰ সমিতিৰ কাৰ্যকাল ৬ মাহ বৃদ্ধি (ANI PHOTOS)

By ETV Bharat Assamese Team

Published : Aug 5, 2024, 10:49 PM IST

নিউজ ডেস্ক, ৫ আগষ্ট: ২০২৩ চনৰ মে’ মাহৰ পৰা গোষ্ঠীগত সংৰ্ঘষত জৰ্জৰিত মণিপুৰত ভুক্তভোগীসকলৰ সাহায্য আৰু পুনৰ্বাসনৰ কাম চোৱাচিতা কৰিবলৈ যোৱা বছৰ গঠন হোৱা ন্যায়াধীশ গীতা মিট্টাল সমিতিৰ কাৰ্যকাল ছমাহ বৃদ্ধি কৰে উচ্চতম ন্যায়ালয়ে ৷ মণিপুৰৰ জনগোষ্ঠীয় হিংসাত ২০০ জন লোক নিহত হোৱাৰ উপৰি কেইবা শতাধিক লোক আহত হৈছিল ৷ গৃহহীন হৈছিল হাজাৰ হাজাৰ লোক ।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰে গঠিত তিনিজনীয়া বিচাৰপীঠে সমিতিৰ কাৰ্যকাল ১৫ জুলাইত সমাপ্ত হোৱা বুলি অৱগত হোৱাৰ পাচত আদালতে সমিতিৰ কাৰ্যকাল ছয়মাহ বৃদ্ধি কৰে । "ন্যায়াধীশ গীতা মিট্টালৰ অধ্যক্ষতাত থকা সমিতিখনৰ কাৰ্যকাল ছমাহ বৃদ্ধি কৰা হৈছে ।" বিচাৰপীঠে কয় ৷

জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ মিট্টলৰ উপৰিও এই সমিতিখনত বম্বে উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) শালিনী পি যোশী আৰু দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ আশা মেনন ।

যোৱা বছৰৰ আগষ্ট মাহত উচ্চতম ন্যায়ালয়ে, ভুক্তভোগীসকলৰ সকাহ আৰু পুনৰ্বাসন আৰু ক্ষতিপূৰণৰ তদাৰক কৰিবলৈ তিনিগৰাকী প্ৰাক্তন মহিলা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ এখন সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিছিল । মহাৰাষ্ট্ৰৰ প্ৰাক্তন আৰক্ষী অধীক্ষক দত্তত্ৰয় পদছালগীকাৰকো অপৰাধমূলক গোচৰৰ তদন্ত নিৰীক্ষণ কৰিবলৈ উচ্চতম ন্যায়ালয়ে কয় । উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছিল যে সমিতিখনে ইয়াৰ সকলো প্ৰতিবেদন দাখিল কৰিব ।

ৰাজ্যখনত মহিলাসকলক উলংগ হৈ পেৰেড কৰা ভিডিঅ’টোক “গভীৰভাৱে বিৰক্তিকৰ” বুলি অভিহিত কৰাৰ কিছুদিন পিচতে উচ্চতম ন্যায়ালয়ে সমিতিখন গঠন কৰে ।

লগতে পঢ়ক:মণিপুৰৰ জিৰিবামত এম্বুছত নিহত চি আৰ পি এফ জোৱান, মুখ্যমন্ত্ৰীৰ গৰিহণা - Manipur Violence

ABOUT THE AUTHOR

...view details