অসম

assam

জম্মু-কাশ্মীৰৰ অনন্তনাগত সন্ত্ৰাসবাদীৰে সংঘৰ্ষ: দুজন জোৱান শ্বহীদ, আহত দুই নাগৰিক - Anantnag Encounter

By ETV Bharat Assamese Team

Published : Aug 10, 2024, 10:41 PM IST

Anantnag Encounter: জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ কোকেৰনাগত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত এনকাউণ্টাৰ । এই এনকাউণ্টাৰত শ্বহীদ দুজন জোৱান । আহত হৈছে দুজন নাগৰিকো । অঞ্চলটো ঘেৰাও কৰি তালাচী অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে ।

Anantnag Encounter
জম্মু-কাশ্মীৰৰ অনন্তনাগত সন্ত্ৰাসবাদীৰে মুখামুখি সংঘৰ্ষ (ANI)

নেশ্যনেল ডেস্ক, ১০ আগষ্ট:জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ কোকেৰনাগৰ আহলান গাডোলে অঞ্চলত শনিবাৰে সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ হয় । এই সংঘৰ্ষত সন্ত্ৰাসবাদীৰ গুলীত দুজন জোৱান শ্বহীদ হয় । আনহাতে দুজন নাগৰিকো এই ঘটনাত গুলীবিদ্ধ হৈ আহত হয় ৷ জম্মু-কাশ্মীৰ আৰক্ষী, সেনাৰ ১৯ আৰ আৰ আৰু চি আৰ পি এফৰ যৌথ দলে অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে নিৰ্দিষ্ট তথ্য লাভ কৰাৰ পিছত অঞ্চলটোত ঘেৰাও কৰি তালাচী অভিযান আৰম্ভ কৰে ৷

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, আৰক্ষী-সেনাৰ দলে তালাচী অভিযান অব্যাহত ৰখাৰ সময়তে অঞ্চলটোত আত্মগোপন কৰা সন্ত্ৰাসবাদীকেইটাই যৌথ দলটোৰ ওপৰত গুলীচালনা কৰে ৷ জানিব পৰা মতে অঞ্চলটোত দুটাৰ পৰা তিনিটা সন্ত্ৰাসবাদী লুকাই আছে । গুলীচালনা বন্ধ কৰি দিয়া হয় যদিও অভিযানৰ প্ৰাৰম্ভিক পৰ্যায়ত সন্ত্ৰাসবাদীৰ সৈতে হোৱা গুলীচালনাত দুজন জোৱান আহত হয় ।

সম্প্ৰতি নিৰাপত্তা বাহিনীয়ে অঞ্চলটো সম্পূৰ্ণৰূপে ঘেৰাও কৰি ৰাখিছে যাতে লুকাই থকা সন্ত্ৰাসবাদীকেইটা পলায়ন কৰিব নোৱাৰে ।

এই এনকাউণ্টাৰ কোকেৰনাগত দ্বিতীয়টো ডাঙৰ এনকাউণ্টাৰ । ২০২৩ চনৰ ১৩ ছেপ্টেম্বৰত কোকেৰনাগ বনাঞ্চলত সন্ত্ৰাসবাদীৰ সৈতে সাতদিনীয়া দীঘলীয়া সংঘৰ্ষত এজন কমাণ্ডিং অফিচাৰ, এজন মেজৰ আৰু এজন ডেপুটি ছুপাৰিণ্টেণ্ডেণ্টকে ধৰি পাঁচজন নিৰাপত্তাৰক্ষী শ্বহীদ হৈছিল । ৭ দিনৰ অন্তত দুজন সন্ত্ৰাসবাদীক হত্যা কৰাৰ পাছত অভিযান সমাপ্ত হয় ।

আনহাতে প্ৰায় দুসপ্তাহ পূৰ্বে কুপৱাৰা জিলাৰ নিয়ন্ত্ৰণৰেখাত পাকিস্তানৰ সীমান্ত একচন টিম (BAT)ৰ আক্ৰমণক সেনাই বিফল কৰিছিল । এই সময়ত এজন জোৱান শ্বহীদ হোৱাৰ লগতে মেজৰ পৰ্যায়ৰ এজন বিষয়াকে ধৰি আন চাৰিজন জোৱান আহত হৈছিল । জম্মু সংমণ্ডলৰ পুঞ্চ, ৰাজৌৰী, ডোডা, কাথুৱা, ৰিয়াছি আৰু উধামপুৰ জিলাকে ধৰি পাহাৰীয়া জিলাসমূহৰ পৰা সন্ত্ৰাসবাদ নিৰ্মূল কৰিবলৈ সেনাই ৪ হাজাৰৰো অধিক সৈন্য মোতায়েন কৰিছে । নিৰাপত্তা বাহিনীৰ ভিতৰত আছে অভিজাত পেৰা কমাণ্ডো আৰু পৰ্বত যুদ্ধৰ প্ৰশিক্ষণপ্ৰাপ্ত লোক । এই জিলাসমূহৰ ঘন বনাঞ্চলত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীয়ে সেনা, অৰ্ধসামৰিক বাহিনী আৰু সাধাৰণ নাগৰিকৰ বিৰুদ্ধে হিট এণ্ড ৰাণ আক্ৰমণ চলাইছে ।

লগতে পঢ়ক:জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণৰ আঁৰত আছে পাকিস্তানী সেনাৰ এছএছজি কমাণ্ডো ! - Former DGP on terrorist attack

ABOUT THE AUTHOR

...view details