নিউজ ডেস্ক, ১৪ মাৰ্চ :নিৰ্বাচন আয়োগে নিৰ্বাচনী বণ্ড সম্পৰ্কীয় ভাৰতীয় ষ্টেট বেংকৰ (এছবিআই) পৰা বিৱৰণ লাভ কৰিছে । আয়োগে সময়মতেই সকলো প্ৰাসংগিক তথ্য প্ৰকাশ কৰিব । মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে বুধবাৰে কয় ।
উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে এছবিআইক ১২ এপ্ৰিল, ২০১৯ চনৰ পৰা ক্ৰয় কৰা নিৰ্বাচনী বণ্ডৰ বিৱৰণ নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ পৰিপ্ৰেক্ষিতত এই দাবী কৰা হৈছে ।
এছবিআই হৈছে নিৰ্বাচনী বণ্ড জাৰি কৰাৰ বাবে বাবে কৰ্তৃত্বপ্ৰাপ্ত বিত্তীয় প্ৰতিষ্ঠান । "এছবিআয়ে ১২ মাৰ্চৰ ভিতৰত তথ্য দাখিল কৰাৰ কথা আছিল । তেওঁলোকে আমাক সময়মতে ইায়ৰ বিৱৰণ দিছে । মই উভতি গৈ তথ্যবোৰ চাম আৰু নিশ্চিতভাৱে সময়মতে প্ৰকাশ কৰিম ।" ৰাজীৱ কুমাৰে সাংবাদিকৰ আগত কয় ।
উল্লেখ্য যে ৰাজীৱ কুমাৰে জম্মু-কাশ্মীৰ কেন্দ্ৰীয়শাসিত অঞ্চলত আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি পৰ্যালোচনা কৰিবলৈ বুধবাৰে কাশ্মীৰত উপস্থিত হৈছেগৈ ।
"আমি ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে সাজু । আমি সমগ্ৰ দেশতে মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন নিশ্চিত কৰিম । আমি জম্মু-কাশ্মীৰকে ধৰি সমগ্ৰ দেশৰ ভোটাৰসকলক 'গণতন্ত্ৰৰ উৎসৱ'ত উৎসাহেৰে অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ ।" চিইচিয়ে কয় ।